19 C
Guwahati

ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া

- Advertisement -

সংবাদমেলত আপৰ নেত্ৰী পুনম গগৈৰ প্ৰশ্ন
ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক সুৰক্ষিত কৰিবনে?

গুৱাহাটীঃ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পিচত চৰকাৰে ৰাজ্যজুৰি গ্ৰহণ কৰিছে ‘ভাষা গৌৰৱ’ সপ্তাহ কাৰ্যসূচী। আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়, ‘অসমৰ মাত্ৰ ৪৮ শতাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে। ৰাজ্যৰ খিলঞ্জীয়া বড়ো, মিচিং, ৰাভা আদি জনগোষ্ঠীয় ভাষা সমূহ বিলুপ্তিৰ পথত। এনে অৱস্থাত অসমীয়া ভাষাৰ প্ৰতি কেৱল মাত্ৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভেই আমাৰ মাতৃভাষা সুৰক্ষিত কৰিব নে?’ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা এই স্বীকৃতি আৰু ৰাজ্য চৰকাৰৰ ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচী আপে আদৰণি জনায়। সংবাদমেলত আপৰ সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়, ‘অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে মাথোঁ এই স্বীকৃতিয়ে যথেষ্ট নহয়। ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত মাতৃভাষা অৱহেলিত হৈ আছে। অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে মাতৃভাষা মাধ্যমৰ বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহতো অসমীয়া ভাষাৰ পাঠ্যক্ৰম চৰকাৰে বাধ্যতামূলক কৰা উচিত।’

আনহাতে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা তথা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া ভাষাত প্ৰৱৰ্তন কৰিবলৈয়ো চৰকাৰক আহ্বান জনায়। ৰাজ্যৰ বিধান সভাত গৃহীত ১৯৬০ চনৰ চৰকাৰী ভাষা আইন সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে কয়, ‘চৰকাৰী কাৰ্যালয় সমূহত এতিয়াও অসমীয়া ভাষা এলাগী হৈ আছে। ১৯৬০ চনৰ চৰকাৰী ভাষা আইন অনুসৰি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ কাৰ্যালয়তে অসমীয়া ভাষাৰ প্ৰয়োগ বাধ্যতামূলক কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ।’ ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পিচত চৰকাৰক ভাষাৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা কেৰোণ সমূহ আঁতৰ কৰিবলৈ দাবী জনায় আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে। সংবাদমেলত পুনম গগৈৰ সৈতে আপৰ ৰাজ্যিক মহিলা শক্তিৰ সভানেত্ৰী তথা গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমো উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

এডাল আম গছতে ভিন্ন প্ৰজাতিৰ আম লগোৱা এগৰাকী শিক্ষক…

নলবাৰী জিলাৰ গুৱাকুছিৰ বিজ্ঞান শিক্ষক তাজেৰ আলিৰ সুন্দৰ পদক্ষেপ এডাল আম গছতে বিভিন্ন প্ৰজাতিৰ আম লগাই চমক দেখুৱালে...

আঘাতৰ পাছত গুৱাহাটীত সাঁতোৰ খেলুৱৈ ভূমিঃ চতুৰ্থ খেলো ইণ্ডিয়া...

Bhumi Gupta Makes Strong Comeback Post Injury With Three Medals In Swimming ◊ আঘাতৰ দীঘলীয়া বিৰতিৰ পিছত সফল...

চালেকি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ গোচৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...

দিহিং পাটকাইৰ প্ৰস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ গোচৰ সংক্ৰান্তত শপতনামা দাখিল কৰিব নোৱাৰিলে অহা ১৪ ফ্ৰেব্ৰুৱাৰীত...