19 C
Guwahati

গ্ৰাহকক স্বাস্থ্য বিধি উলংঘা কৰি মাছ-মাংস বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান

- Advertisement -

গুৱাহাটীঃ গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি মহানগৰীত কদৰ্য্য পৰিবেশত গ্ৰাহকক মাছ-মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে নিগমৰ এনফৰ্চমেণ্ট বিভাগ, গুৱাহাটী মহানগৰ আৰক্ষী, কামৰূপ মহানগৰ জিলা পশুপালন বিভাগ, খাদ্য সুৰক্ষা বিভাগৰ সহযোগত আজি বৃহত্তৰ বেলতলা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে জয়ানগৰ, ত্ৰিপুৰা ৰোড, পাটৰকুছি, বশিষ্ঠ আৰু খানাপাৰা অঞ্চলত এক অভিযান চলায়।

অভিযানকালত নিগমৰ দলটোৱে মুঠ ৩৫ খন মাছ-মাংস বিক্ৰী কৰা দোকান পৰীক্ষা কৰি যিসকল বিক্ৰেতাই নীতি-নিয়ম উলংঘা কৰি গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত বিক্ৰী কৰিছিল তেঁওলোকৰ পৰা জৰিমণা হিচাপে ২১ হাজাৰ ৫০০ টকা সংগ্ৰহ কৰাৰ লগতে আগন্তক দিনত নীতি মানি চলি গ্ৰাহকক মাছ-মাংস বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে।

এই সন্দৰ্ভত নিগমৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়াই সদৰি কৰা অনুসৰি পৌৰ নিগম এলেকাত জনস্বাস্থ্যৰ দিশটোক ভেঙুচালি কৰি মাছ, মাংসৰ উপৰিও আন আন খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে তেওঁলোকৰ বিৰূদ্ধে নিগমৰ এই অভিযান চলি থাকিব। উল্লেখ্য যে বিগত সময়চোৱাত পৌৰ নিগমে খাদ্যৰ অনুপযোগী মাছ, মাংসকে ধৰি খাদ্য বিক্ৰী কৰাৰ অভিযোগত কেবাখনো হোটেল, ৰেস্তোৰাঁ ছিল কৰি দিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে মল্লযুঁজ, ভাৰোত্তলন আৰু শ্বুটিঙৰ...

♦কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে মল্লযুঁজ, ভাৰোত্তলন আৰু শ্বুটিঙৰ সৈতে জড়িত এথলীটসকলৰ...

বিহালীত স্বাস্থ্য স্বয়ংসেৱক অভিযান কৰ্মশালা সফল সামৰণি ::

  বিহালীত স্বাস্থ্য স্বয়ংসেৱক অভিযান কৰ্মশালা সফল সামৰণি :: বিশ্বনাথ ২২ আগষ্ট :দেওবাৰে ভাৰতীয় জনতা পাৰ্টি "স্বাস্থ্য স্বয়ংসেৱক অভিযান"ৰ...

শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱলয়াত চতুৰ্থ বিষ্ণু মহা-যজ্ঞৰ আয়োজন

উত্তৰ গুৱাহাটীঃ ঐতিহাসিক শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ আয়োজনৰ প্ৰস্তুতি। দলৈ লক্ষেশ্বৰ শৰ্মাৰ সভাপতিত্বত...