26 C
Guwahati

বিশ্ব দৰ্শন দিৱসত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতা

- Advertisement -

গুৱাহাটীঃ বিশ্ব দৰ্শন দিৱস উপলক্ষে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ২১ নৱেম্বৰত সপ্তম ড॰ ৰাজেন্দ্ৰ স্মৃতি দিৱস কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত অৰ্থনীতি বিভাগৰ হৰিপ্ৰসাদ শৰ্মা আৰু অনুষ্কা ঠাকুৰে প্ৰথম, দৰ্শন বিভাগৰ সমুদ্ৰ মজুমদাৰ আৰু অৰ্থনীতি বিভাগৰ হিমাংশু দাসে দ্বিতীয়, উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ তানিশা দেৱনাথ আৰু অংশু শৰ্মাই তৃতীয় স্থান লাভ কৰে।

সান্ত্বনা বঁটা লাভ কৰে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ইশিয়াক হুছেইন আৰু কৌশিক দাসে। আনহাতে কুইজ মাষ্টাৰ ৰাতুল বৰুৱাই পৰিচালনা কৰা অডিঅ’-ভিজুৱেল কুইজত মহাবিদ্যালয়ৰ বিভিন্ন বিষয়ৰ ২০ টা দলে অংশগ্ৰহণ কৰে। কুইজৰ পূৰ্বে আয়োজিত এক অনুষ্ঠানত বিশ্ব দৰ্শন দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ মনোজ কুমাৰ মহন্তই। অনুষ্ঠানত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীপিকা ৰায়মেধি আৰু দৰ্শন বিভাগৰ মুৰব্বী নিভা ডেকাই চমু ভাষণত বিশ্ব দৰ্শন দিৱস পালনৰ তাৎপৰ্য দাঙি ধৰে। প্ৰতিযোগিতাৰ অন্ততঃ কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা আৰু সকলো অংশগ্ৰহণকাৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

মালিগাঁওত বিশাল সমদলৰে ৰে’লৱে ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচনত এন...

গুৱাহাটীঃ ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪, ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত...

গড়ভঙা সংৰক্ষিত বনাঞ্চলত বনকৰ্মীৰ অভিযানঃ অৰণ্যধ্বংস কাৰ্যত জড়িত মহিলাক...

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ গাতে লগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলত আজি বিয়লি বনকৰ্মীৰ দলে চলোৱা এক অভিযানত অৰণ্য...

Zubeen Garg Live | Rongali Bihu 2024

#ZubeenFanClub