19 C
Guwahati

অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক আদৰণি অনুসূচিত জাতি সংগঠনৰ

- Advertisement -

অসমৰ সমাজ জীৱনৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা স্বীকৃত কৈৱৰ্ত্ত কুল নন্দিনী, মহীয়সী নাৰী, মহাসতী আই ৰাধিকা ৰ স্মৃতি দিৱস টি অসম চৰকাৰে যোৱাকালি কেবিনেট সিদ্ধান্তৰ জৰিয়তে সতী ৰাধিকা উৎসৱলৈ ৰূপান্তৰ কৰি চৰকাৰৰ সীমিত ছুটি তালিকাত অন্তৰ্ভুক্ত কৰি মহীয়সী নাৰী গৰাকীলৈ যি সন্মান প্ৰদান কৰিলে এই সিদ্ধান্তক অসমৰ অনুসূচিত জাতিৰ সংগঠন সমূহে আদৰণি জনাই।

আজি দিনৰ এক বজাত উজানবজাৰ স্থিত ড০ বি আৰ আম্বেদকাৰ ভৱনত অনুসূচিত জাতিৰ সংগঠন সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ সভাপতি দীপাংকৰ দাস, অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিত্যানন্দ দাস, অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জনাৰ্দন দাসে যৌথ ভাৱে এক সংবাদমেল আয়োজন কৰি সামগ্ৰিক বিষয়তোক লৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে চৰকাৰী ভাৱে প্ৰদান কৰা মহাসতী আই ৰাধিকা বঁটা প্ৰদানৰ ক্ষেত্ৰত বঁটা নিৰ্বাচন সমিতিত অনুসূচিত জাতিৰ সংগঠন সমূহৰ প্ৰতিনিধিক সংপৃক্ত কৰিবলৈ আহ্বান জনায়।

সংবাদমেলত নেতৃবৃন্দই ইয়াকো সদৰী কৰে যে দিছপুৰ স্থিত অসম সচিবালয়ৰ ভিতৰৰ লাষ্টগেট দিশত থকা সংবিধান প্ৰণেতা বাবা চাহেব ড০ বি আৰ আম্বেদকাৰ দেৱৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ভাগ দেৱাল নিৰ্মাণৰ ফলত উহ্য হৈ পৰা কাৰ্যক ক্ষোভ প্ৰকাশ কৰি প্ৰতিমূৰ্তি ভাগ অনতিবিলম্বে জনতা ভৱনৰ সন্মুখ ভাগত স্থানান্তৰ কৰি প্ৰতিষ্ঠা কৰিবলৈ দাবী জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

লৌহপুৰুষ ক্ৰীড়াৰত্ন প্ৰেমদা কান্ত শৰ্মাৰ ১১০ সংখ্যক জন্মদিৱসৰ শুভাৰম্ভ

দেশৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অক্লান্ত সেণানী, অসম শক্তি মেলাৰ অন্যতম প্ৰথম গৰাকী চেম্পিয়ন, সৰ্বশ্ৰেষ্ঠ সন্তৰণ বীৰৰূপে বিভূষিত...

ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত অধ্যক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদী কাৰ্যসূচী

মালিগাঁওঃ মালিগাঁও বৰিপাৰাস্থিত ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষই সময়মতে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকে ধৰি বিভিন্ন...

প্ৰকৃতিপ্ৰেমীলৈ সুখবৰঃ দীপৰ বিললৈ আহিছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই

আজাৰাঃ গুৱাহাটীৰ অন্যতম জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিললৈ লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে দেশী-বিদেশী পৰিভ্ৰমী...