19 C
Guwahati

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ১১ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ

- Advertisement -

ভাৰত – পাকিস্তান আৰু ভাৰত – বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে পহিলা ডিচেম্বৰত ৫৯
টা বৰ্ষ অতিক্ৰম কৰি ৬০ টা বৰ্ষত ভৰি দিছে। ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত গঠন কৰা বাহিনীটো বৰ্ত্তমান বিশ্বৰ অন্যতম সীমান্ত নিৰাপত্তা বাহিনী হিচাপে পৰিগণিত হৈছে । এই মন্তব্য বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ প্ৰিন্সিপাল ষ্টাফ অফিচাৰৰ দায়িত্বত থকা উপ মহা পৰিদৰ্শক ডঃ হৰমিত সিঙৰ । বি এছ এফৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৯ নবেম্বৰৰ দিনা সন্ধিয়া গুৱাহাটী ফ্ৰন্টিয়াৰৰ আজাৰা পাটগাওঁস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সভাগৃহত আয়োজিত বাৰ্ষিক সংবাদ মেলত বি এছ এফৰ গঠনৰ লগতে চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ২৯ নৱেম্বৰ পৰ্যন্ত এঘাৰ মাহত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ে তেওঁলোকৰ পৰিসীমাত থকা বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কেনে ধৰণৰ কাৰ্য সম্পাদন কৰিছে তাৰ বিশদ ব্যাখ্যা দাঙি ধৰে। সংবাদ মেলত উপ মহাপৰিদৰ্শক ডঃ হৰমিত সিঙে কয় – বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে অসম আৰু পশ্চিমবঙ্গৰ মুঠ ৫০৯ কিঃমিঃ বাংলাদেশৰ সীমান্তৰ পহৰা কাৰ্য আৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছে।

চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ,২৯ নবেম্বৰ পৰ্যন্ত এঘাৰ মাহত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ৩ টা চেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৬,০৮২ টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে । একে সময়তে ১,৮৬,৫৬০ কেজি চেনী, ৩০৬০.৯৪ গ্ৰাম সোণ , ৬৭,৮৫১ টা বটল ফেন্সিডাইল , ১,৬৫৫ কেজি ভাং , ১০,৮৮১ টা য়াবা টেবলেট , ১০,০১৭ টা সুৰাৰ বটল, ২০,০০০ টকাৰ নকল ভাৰতীয় টকা বা জাল নোট জব্দ কৰিবলৈ সক্ষম হৈছে । আনহাতে অভিযানত বি এছ এফে সীমান্তত ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী চোৰাং কাৰবাৰী – সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবঙ্গৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩ টা চেক্টৰৰ অধীনত ১১ টা বেটেলিয়ান নিয়োজিত হৈ আছে ।

ইয়াৰে ধুবুৰী চেক্টৰত প্ৰায় ৯১.৭২৬ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাটাতাৰৰ বেৰ বা ফেঞ্চিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ ( Electronics Servielence ) দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে । এঘাৰ মাহত যিখিনী চোৰাং সামগ্ৰী বি এছ এফে সীমান্তত উদ্ধাৰ কৰিছে তাৰ মূল্য হব প্ৰায় ১২.৭ কৌটি টকা । একে সময়তে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বি এছ এফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ , চাফাই অভিযান , গছপুলি ৰোপণ , কৃষক ৰাইজৰ মাজত কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী বিতৰণ , বিদ্যালয়ৰ লগতে যুৱ সমাজৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ , মহিলাক চিলাই মেচিন বিতৰণ কৰি আহিছে ।

তেনেদৰে সীমান্তৰ সীপাৰৰ পৰা যাতে ভাৰতলৈ কোনো চোৰাং সামগ্ৰী বা অনুপ্ৰৱেশকাৰী আহিব নোৱাৰে তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ( বি জি বি ) সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে। বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে আৰু প্ৰত্যাহ্বান যিমানেই কঠিন নহওঁক কিয় তাক সদায় সাহসৰে মোকাবিলা কৰি আহিছে বুলি উপ মহাপৰিদর্শক ডঃ হৰমিত সিঙে সদৰি কৰে । গুৱাহাটী ফ্ৰন্টিয়াৰৰ চেকেণ্ড ইন কমাণ্ড মনোজ কুমাৰ যাদৱে আঁত ধৰা সংবাদ মেলখনত ডেপুটী কমাডেণ্ট সুবোধ ৰকধকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । আনহাতে সংবাদ মেলৰ পূৰ্বে এল চি ডি প্ৰজেক্টৰৰ জৰিয়তে বিগত সময়চোৱাত বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰে তেওঁলোকৰ পৰিসেৱাই সামৰি লোৱা সীমান্তবৰ্তী অঞ্চলসমূহত কৰা জনহিতকৰ কাম – কাজ, গৰু, অভিযানকালত চেনীসহ চোৰাং সামগ্ৰী জব্দ কৰা দৃশ্য আদি প্ৰদৰ্শন কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

কৃষ্ণাইত অসম-মিজোৰাম সীমান্তৰ ঘটনাৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদঃ দাহ কৰিলে...

♦অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষী আৰু সশস্ত্ৰ মিজো দুৰ্বৃত্তৰ দলে সংঘটিত কৰা অমানৱীয় কাণ্ডৰ বিৰুদ্ধে আজি তীব্ৰ...

নলবাৰীতো পাঠদান আৰম্ভ:Video

  নলবাৰীতো পাঠদান আৰম্ভ: দীৰ্ঘদিন পিছত বিদ্যালয় মুখি হৈছে ছাত্র-ছাত্রী সকল। আজিৰে পৰা সমগ্ৰ ৰাজ্য লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বিভিন্ন...

কৃষ্ণাইত চোৰাং কাঠ বেপাৰীয়ে কাটি থোৱা ৩০ ডাল শাল...

♦কন্দৰ্প কুমাৰ দেৱ নাথঃ চোৰাং কাঠ ব্যৱসায়ীয়ে কাটি লুকুৱাই থোৱা ৩০ ডাল কুমুলীয়া শাল গছ জব্দ কৰিলে...