31 C
Guwahati

কৃষ্ণাইত স্বামী স্ত্ৰীৰ দেহত কৰ’না পজিটিভঃ জ্যোতিনগৰবাসীৰ মাজত আতংক

- Advertisement -

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজি দুগৰাকী ব্যক্তিৰ দেহত মহামাৰী কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে৷ আক্ৰান্ত লোক দুগৰাকীৰ নাম বলোৰাম বিশ্বাস (৩৪) আৰু মৌচুমী বিশ্বাস (৩০)৷ সম্বন্ধত তেওঁলোক
স্বামী-স্ত্ৰী৷ উল্লেখ্য যে কৰ’না মহামাৰীৰ দ্বিতীয়টো লহৰত আক্ৰান্ত কৃষ্ণাইৰ এইটোৱে প্ৰথম ঘটনা। আজি কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলি থকা ৰেপিড টেষ্টৰ সময়তে এই দুগৰাকী ব্যক্তিৰ দেহত কৰ’না পজিটিভৰ অৱস্থিতি পোহৰলৈ আহে।

স্বাস্থ্য বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মুঠ ২৫ লোকৰ ৰেপিড পৰীক্ষা কৰা হৈছিল৷ ইয়াৰ মাজতে বলোৰাম বিশ্বাস আৰু মৌচুমী বিশ্বাসৰ দেহত কৰ’না পজিটিভ ধৰা পৰে৷ জানিব পৰা মতে, বলোৰাম বিশ্বাস আৰু মৌচুমী বিশ্বাসে জিএমচিএইচত থকা কোনোবা ৰোগীৰ খবৰ লৈ কালি সন্ধিয়া গুৱাহাটীৰ পৰা কৃষ্ণাইলৈ উভতি আহিছিল৷ জ্যোতিনগৰ নিবাসী এই দম্পতীৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে সমগ্ৰ কৃষ্ণাইতে আতংকই বিৰাজ কৰিছে৷ ইফালে আক্ৰান্ত লোক দুগৰাকীক স্বাস্থ্য বিভাগে ইতিমধ্যে ক’ভিড ১৯ৰ প্ৰট’কল অনুসৰি হোম আইছ’লেচনৰ ব্যৱস্থা কৰা বুলি বিভাগীয় সূত্ৰটোৱে জানিবলৈ দিছে৷

উল্লেখ্য যে যোৱা পৰহি কৃষ্ণাইৰ কাষৰীয়া লালাবৰি চৌধুৰীপাৰাতো কমল ৰায় নামৰ এজন যুৱকৰ দেহত কৰ’না পজিটিভ ধৰা পৰে৷ যুৱক জনৰ পৰিয়ালটোক ইতিমধ্যে হোম কোৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷ জানিব পৰা মতে, কৰ্মসূত্ৰে গুৱাহাটীত থকা কমল ৰায় ঘৰত অহাৰ পিছতে অসুস্থ হয় আৰু তেওঁৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
34.2 ° C
34.2 °
34.2 °
17 %
2.9kmh
98 %
Tue
31 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

নীলা ৰঙৰ আধাৰ কাৰ্ড, কেনেকৈ, কোনে পাব?

⬆️ নীলা ৰঙৰ এখন আধাৰ কাৰ্ড। এইখন কাৰ্ডৰ বিষয়ে হয়তু আপুনি জানে বা নাজানিবও পাৰে। এইখন কাৰ্ডখন...

ৰাজ্যত নতুন এছঅ’পিঃ আবেলি ২ বজাৰ পৰা ৫ খন...

♦অসম চৰকাৰে মঙলবাৰে এক নতুন কোভিড-১৯ এছঅ’পি-ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া মুকলি কৰিছে। নতুন এছঅ’পিৰ মতে, মধ্যমীয়া কোভিড হাৰ/সক্ৰিয়...

বন বিভাগৰ বন বিষয়াক ৰদ-বদলৰ তালিকা প্ৰকাশ

    বন বিভাগৰ বন বিষয়াক ৰদ-বদলৰ তালিকা প্ৰকাশ কোন বিষয়াক ক'ত নিযুক্তি লাভ কৰিলে মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশ পাছতে ৰদ বদল...