34 C
Guwahati

মৰাণৰ এজন স্বঘোষিত ঈশ্বৰৰ কৰ্মকাণ্ডক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া

- Advertisement -

♦ ৰোগীৰ শুশ্ৰষাৰ বিতৰ্কিত কৰ্মকাণ্ডৰে ধৰ্মপ্ৰচাৰত মৰাণৰ ডোমৰদলঙৰ ৰঞ্জন চুতীয়া।
♦ৰঞ্জন চুতীয়াৰ বিৰুদ্ধে শিৱসাগৰ নাজিৰাত অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সাংস্কৃতিক বিভাগ আৰু শিৱসাগৰ জিলা সমিতিৰ সংবাদমেল, তীব্ৰ প্ৰতিক্ৰিয়া।

মহাপুৰুষ দুজনাৰ অনুপম সৃষ্টিৰাজীক বিকৃত কৰি ধৰ্মপ্ৰচাৰ মৰাণৰ এজন ব্যক্তিৰ৷ মহাপুৰুষ দুজনাৰ নামঘোষা, বিহু গীত, বিয়ানাম, আইনামকো বিকৃত ৰূপত উপস্থাপন কৰিছে মৰাণৰ ডোমৰ দলঙৰ ৰঞ্জন চুতীয়াই৷ ৰোগী শুশ্ৰষাৰ নামত বছৰ বছৰ ধৰি বিকৃত ৰূপত ধৰ্মপ্ৰচাৰ কৰি আহিছে ৰঞ্জন চুতীয়াই৷ গুৰুদুজনাৰ সৃষ্টৰাজি নামঘোষা, বৰগীত, বিহু, বিয়ানাম। আইনামক বিকৃত কৰি যীচুৰ নাম অন্তৰ্ভুক্ত কৰি সুদীৰ্ঘদিন প্ৰচাৰ চলাই আহিছে ৰঞ্জন চুতীয়াই৷

লোকবাদ্যকো চৰম অপমান ৰঞ্জন চুতীয়াৰ৷ এই সকলো সামৰি ৰঞ্জন চুতীয়াই বিভিন্ন গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছে। ইউ টিউবৰ জৰিয়তে দুটা বিতৰ্কিত ভিডিঅ’ প্ৰচাৰ কৰাৰ পাছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লক্ষ্যণীয়ভাৱে ৰঞ্জন চুতীয়াৰ একাংশ শিষ্যই গুৰুজনাক অপমান কৰি লোকবাদ্যৰো অপব্যৱহাৰ কৰি আহিছে৷ পূৰ্বেও ৰঞ্জন চুতীয়াৰ এনে বিতৰ্কিত কৰ্মকাণ্ডক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে৷ ‘জগতৰ ৰোগী শুশ্ৰষাকাৰী প্ৰাৰ্থনা ভৱন’ নামে এক বিশাল ভৱন নিৰ্মাণ কৰি ৰঞ্জন চুতীয়াই ৰোগীৰ শুশ্ৰষা কৰি আহিছে বুলি দাবী কৰি আহিছে৷ অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ আগমন ঘটে এই স্থানলৈ৷ মূলত যীচুৰ বাণীৰে প্ৰাৰ্থনা কৰা হয় যদিও সকলো ধৰ্মৰ লোকক আকৰ্ষণৰ বাবে ৰঞ্জন চুতীয়াই অৱলম্বন কৰি আহিছে এই নিকৃষ্ট পন্থা৷

এই বিষয়কে লৈ এতিয়া ব্যাপক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ট হৈছে অসম সত্ৰ মহাসভাৰ মজিয়াত। নাজিৰা প্ৰেছ ক্লাৱত অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সাংস্কৃতিক বিভাগ আৰু শিৱসাগৰ জিলা সমিতিৰ দ্বাৰা যুটীয়াভাৱে সংবাদমেল যোগে ৰঞ্জন চুতীয়াৰ এনে কৰ্মকাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে ৰঞ্জন চুতীয়া বিৰুদ্ধে অসম সত্ৰ মহাসভাই আইনী ব্যৱস্থাৰ কাষ চপাৰ লগতে অসম চৰকাৰকো উচিত তদন্তৰ দাবী জনাইছে অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সাংস্কৃতিক বিভাগ আৰু শিৱসাগৰ জিলা সমিতিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
35.8 ° C
35.8 °
35.8 °
15 %
3.5kmh
97 %
Tue
35 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা’ৰ কাৰ্যালয় উদ্বোধন

  নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা'ৰ কাৰ্যালয় উদ্বোধ অসম খবৰ প্ৰতিনিধি নলবাৰী -১৯ ছেপ্টেম্বৰ দেওবাৰে নলবাৰীৰ জিলাৰ পয়লাত 'নলবাৰী জিলা ব্ৰাহ্মণ...

সংখ্যাগৰিষ্ঠতা অভিলেখেৰে ষষ্ঠ কাৰ্যকালৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ...

● ভাৰতে সংখ্যাগৰিষ্ঠতাৰ অভিলেখেৰে ষষ্ঠ কাৰ্যকালৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ পুনৰ নিৰ্বাচিত হৈছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী...

আজি ডুমডুমা আৰক্ষী পৰিদৰ্শক দিব্যজ্যোতি দত্তই ডুমডুমা চহৰৰ দুখীয়া...

আজি ডুমডুমা আৰক্ষী পৰিদৰ্শক দিব্যজ্যোতি দত্তই ডুমডুমা চহৰৰ দুখীয়া ৰাইজক মাস্ক,চেনিটাইজাৰ আৰু চাবোন বিতৰণ কৰাৰ এটি মুহুৰ্তত