32 C
Guwahati

অসম চিকিৎসা সেৱা সন্থা (আমছা)ৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক স্বাস্থ্য মন্ত্ৰী :

- Advertisement -

 

 

গুৱাহাটীৰ অসম খবৰ ১৯ অক্টোবৰ :

ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত চিকিৎসকসকলৰ বিভিন্ন দাবী তথা সমস্যাৰাজি সন্দৰ্ভত অসম চিকিৎসা সেৱা সন্থা (আমছা)ৰ সৈতে মঙলবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। আন্তৰিকতাপূৰ্ণ এই আলোচনা কালত আমছাৰ দ্বাৰা উত্থাপিত বিষয় ৰাজি ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰি এইক্ষেত্ৰত ক্ষিপ্ৰতাৰে ফলপ্ৰসূ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আলোচনা সভাত মন্তব্য প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰীয়ে।

এন এইছ এমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, এনএইচএমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, যুটীয়া সচিব প্ৰণতি মজুমদাৰ, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ নাথ ভূঞা, স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰনাথ নাটে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, অতিৰিক্ত সঞ্চালক(চিকিৎসা শিক্ষা) ডাঃ মনোজ চৌধুৰীৰ লগতে আমছাৰ হৈ সংগঠনটোৰ সভাপতি ডাঃ ননীগোপাল চহৰীয়া আৰু সাধাৰণ সম্পাদক ডাঃ কনক চন্দ্ৰ তালুকদাৰৰ নেতৃত্বত গঠিত ছজনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
32.8 ° C
32.8 °
32.8 °
24 %
7.7kmh
59 %
Mon
33 °
Tue
38 °
Wed
37 °
Thu
37 °
Fri
39 °

More like this

Missionaries of Charity; ‘খ্ৰীষ্টানসকলৰ লক্ষ্য’, বিৰোধীৰ প্ৰতিবাদ ; কিয়...

■ মাদাৰ টেৰেছাৰ মিছনেৰীজ অফ চেৰিটিক বিদেশী অনুদান বন্ধ কৰাৰ বাবে মোডী চৰকাৰ বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে।...

অবৈধ বেদখলকাৰীক কোনো কাৰণতে আশ্ৰয় দিয়া নহ’ব বিধায়ক ৰঞ্জিত...

  ৰাজ্য আন আন ঠাই লগতে বিশ্বনাথ জিলাতো অবৈধ ভাৱে ভূমি দখল কৰা তথ্য পোহৰলৈ আহিছে। ইফালে বিহালী সমষ্টিৰ বৰজাৰণী...

তেজপুৰত আপৰ বিশাল ৰোড শ্ব’ত আতিশী

● ঋষিৰাজ কৌণ্ডিন্যৰ প্ৰচাৰত সহস্ৰাধিক লোকৰ অংশগ্ৰহণ ●অসমতো দিল্লীৰ আৰ্হিৰ স্কুল আৰু মহল্লা ক্লিনিক নিৰ্মাণৰ লক্ষ্য আপৰ ●আতিশীৰ মেখেলা-...