■ যোৰহাটৰ গৌৰৱ, গিনীজ বুক অব ৰেকৰ্ডৰ অধিকাৰী, অভিজিত বৰুৱা নেতৃত্বত লাচিত বৰফুকন ইউথ একাডেমীৰ উদ্যোগত Self Defence, Motivation আৰু সুস্বাস্থ্যৰ ওপৰত প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হয়।
প্ৰশিক্ষণ শিবিৰৰ আজি আৰম্ভণী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কর্মী গোলাপ ডেকা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় কন্ঠ শিল্পী প্ৰিয়ংকা ভড়ালী, প্রাণদ্বীপ হাজৰিকা, যোৰহাট জিলাৰ ছাত্র সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি প্ৰণৱ শইকীয়া, সাধাৰণ সম্পাদক বাবু দত্ত,অসম সেনাৰ যোৰহাটৰ মুখ্য আহ্বায়ক ৰবি শৰ্মা,সামাজিক অনুষ্ঠান দা ইভেন্টৰ সমীৰ ৰয়, পোহৰ লাইভ এইটৰ সম্পাদিকা কৰবী শৰ্মা, সাংবাদিক দেৱজ্যোতি বৰা, বিশিষ্ট সমাজকৰ্মী নয়নজ্যোতি শৰ্মা , বিশিষ্ট শিল্পী বাবুল বৰা, ND24-ৰ সাংবাদিক ৰিতুৰাজ বৰা, অধিবক্তা সুদিপ্ত নয়ন গোস্বামী, বিশিষ্ট শৰীৰ চৰ্চাবীদ অমৰজিৎ লাহন কে প্ৰমুখ্যে কৰি বহু কেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে।