♀ স্বাস্থ্য বাৰ্তাঃ ঋতুস্ৰাৱৰ সময়ছোৱা সকলো মহিলাৰ বাবে একে নহয়। বহুতৰ বাবে এইয়া এক অতি অস্বস্তিকৰ আৰু বেদনাদায়ক সমস্যা। মাহটোৰ এই বিশেষ দিনবোৰত পেটৰ বিষ, ওকালি অহা, মানসিক দিশ সলনি হোৱাৰ লগতে আন বিভিন্ন সমস্যাত ভুগি থকা দেখা যায়।
কিন্তু দিন পাৰ হৈ যোৱাৰ লগে লগে, এই সমস্যাটোৰ পৰা কিছু সকাহ পোৱা যায়। চেনিটাৰী নেপকিন, টেম্পন আৰু লগতে অধিক সুবিধাজনক ঋতুস্ৰাৱৰ কাপ বৰ্তমান বজাৰত আছে। যাৰ ব্যৱহাৰত বিভিন্ন লাভালাভ আছে।
চেনিটাৰী নেপকিন, টেম্পন যিমানেই পৰিৱেশ-অনুকূল নহওঁক, সম্পূৰ্ণ অনুকূল অৱস্থালৈ আৰু সুবিধাজনক পৰিৱেশলৈ ঘূৰি আহিবলৈ আৰু বহু বছৰ লাগিব পাৰে। কিন্তু এই সমস্যাটো ঋতুস্ৰাৱ কাপৰ সৈতে বৰ্তমান একেবাৰে অসুবিধা নহয়। যদিও এতিয়াও মানুহৰ মনত ইয়াৰ চাৰিওফালে কেইবাটাও ভুল ধাৰণা আছে।
■ এই বিশেষ ঋতুস্ৰাৱ কাপ কিহৰ দ্বাৰা তৈয়াৰ কৰা হয়?
ঋতুস্ৰাৱৰ কাপটো মুখ্যতঃ চিলিকনৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। প্ৰাকৃতিক লেটেক্স বা ৰবৰৰ দ্বাৰাও তৈয়াৰ কৰা হয়। ফলস্বৰূপে কাপটো সম্পূৰ্ণৰূপে জৈৱ-পচনশীল।
■ ঋতুস্ৰাৱৰ সময়ত কাপটো কেনেকৈ ব্যৱহাৰ কৰিব?
ঋতুস্ৰাৱৰ সময়ত আপুনি ব্যৱহাৰ কৰাৰ আগতে পাতল চেম্পুৰে ধুব, সামান্য গৰম পানীত বীজাণুমুক্ত কৰিব। আপুনি কাপটো যোনিদ্বাৰত অৰ্থাৎ যোনিত চাক্সন প্ৰক্ৰিয়াৰ জৰিয়তে লাগি থকাকৈ লগাব লাগিব।
পেন্টি পিন্ধিবলৈ কোনো অসুবিধা নহয়। যিহেতু চেনিটেৰী নেপকিনৰ আঠা থকা অংশ পেণ্টিৰ ভিতৰত লগাই ব্যৱহাৰ কৰা হয়। খোজ কাঢ়োঁতে কেতিয়াবা অসুবিধা অনুভৱ কৰাৰ লগতে ফুলি থাকে। কিন্তু কাপ ব্যৱহাৰত সেই অসুবিধা নহয়। প্ৰয়োজন হ’লে আপুনি ইয়াৰ ঠেক মুখখন টিপি যোনিৰ পৰা সহজে উলিয়াই অনা সম্ভৱ হ’ব।
■ কাপটো আপুনি কিমান সময়ৰ অন্তত সলনি কৰিব লাগিব বা আঁতৰ কৰিব লাগিব?
ঋতুস্ৰাৱৰ কাপ এটা সাধাৰণতে ৮ ৰ পৰা ১২ ঘণ্টাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। কিন্তু যিসকল মহিলাৰ যথেষ্ট ৰক্তক্ষৰণ হয় তেওঁলোকে ইয়াক ৬ ৰ পৰা ৮ ঘণ্টাৰ বাবে ব্যৱহাৰ কৰিব পাৰে।
■ ঋতুস্ৰাৱ কাপটো কিমানবাৰ বা সঘনাই ব্যৱহাৰ কৰিব পাৰিব?
ঋতুস্ৰাৱ কাপৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে, ই মূলতঃ পুনৰ ব্যৱহাৰযোগ্য এটা কাপ। যদি সঠিকভাৱে ব্যৱহাৰ কৰা হয় আৰু পৰিষ্কাৰ ৰখা হয়, ইয়াক কেইবা বছৰৰ বাবে আপুনি ব্যৱহাৰ কৰিব পাৰিব।
■ বিশেষ যিটো কথা মনত ৰখাটো অতি গুৰুত্বপূৰ্ণ
যিহেতু ঋতুস্ৰাৱৰ কাপবোৰ বাৰে বাৰে ব্যৱহাৰ কৰা হয়, ইয়াক পৰিষ্কাৰ কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। ঋতুস্ৰাৱৰ দিনকেইটা শেষ হোৱাৰ পিছত, ইয়াক সাৱধানে পৰিষ্কাৰ ঠাইত ৰাখিব। অন্যথা আপুনি যোনিত অন্য বীজাণুৰ দ্বাৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে।
■ এটা ঋতুস্ৰাৱ কাপৰ মূল্য কিমান?
ঋতুস্ৰাৱৰ কাপ প্ৰায় ২০০ টকাৰ পৰা ৩০০ টকালৈকে হ’ব পাৰে। কিন্তু ৫০০ টকাৰ ভিতৰত যথেষ্ট ভাল ঋতুস্ৰাৱৰ কাপ আছে। যিহেতু ইয়াক দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰ কৰিব পাৰি, প্ৰতি মাহে চেনিটাৰী নেপকিন, টেম্পন ক্ৰয় কৰাতকৈ ইয়াৰ ব্যয় যথেষ্ট কম হব। যিহেতু চেনিটেৰী নেপকিন কিনোতে প্ৰতি মাহে খৰছ হয়। অনলাইনত বৰ্তমান উপলব্ধ এনেধৰণৰ ভাল ঋতুস্ৰাৱ কাপ। যিকোনো অনলাইন ডেলিভাৰী ৱেবচাইটৰ পৰা বা এপ্লিকেচন পৰা আজিয়েই ক্ৰয় কৰিব পাৰিব।