■ এতিয়া ঠাণ্ডা দিন, ঠাণ্ডাৰ বাবে আপুনি যদি পুৱা কামৰ পৰা অব্যাহতি ল’ব খুজিছে কিন্ত অভিনেতা চেইফ আলী খানৰ জীয়ৰী অভিনেত্ৰী চাৰা আলী খানে শৰীৰ চৰ্চা বাবে জিমলৈ যোৱাৰ প্ৰতি অৱহেলা কৰা নাই।
ইয়াৰ পৰিৱৰ্তে, তেওঁ নিজৰ শৰীৰৰ চৰ্চা ওপৰত গুৰুত্ব দিছে। এটা ভাইৰেল ভিডিঅ’ত ছাৰা আলি খানৰ জিমত শৰীৰ চৰ্চাৰ সময়ত ঘাম ওলোৱা ভিডিঅ’টোত স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে।
নিজৰ সামাজিক মাধ্যমৰ যোগেদি ব্যায়াম কৰাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ছাৰাই কৈছিল যে তেওঁ ইতিমধ্যে অত্যন্ত ভাগৰুৱা আৰু হতাশাগ্ৰস্ত অনুভৱ কৰি আছে আৰু লগতে মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱৰ চলি আছে। কিন্তু, মহিলাসকলে এই সময়ছোৱাত জিৰণি লোৱাৰ প্ৰয়োজন অনুভৱ কৰে যদিও, তেওঁ শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দিছে।
অভিনেতা চেইফৰ জীয়ৰী ছাৰাই এই সময়ত ভাগৰ উপশম কৰিবলৈ আৰু শাৰীৰিক বিষ হ্ৰাস কৰিবলৈ বহুতো শাৰীৰ চৰ্চা কাম কৰিছে। চাইকেল চলোৱাৰ পৰা কাৰ্ডিঅ’, একো বাদ দিয়া নাই। ছাৰাই হালধীয়া খেলৰ পোছাকত জিমত থকা সময়ত ভাইৰেল ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে।
ঋতুস্ৰাৱৰ সময়ত ছোৱালীয়ে ব্যায়াম কৰিব লাগে নে নাই সেই বিষয়ে বহুতৰ মাজত চৰ্চা অব্যাহত আছে। কিছুমানে ভাবে যে ব্যায়াম একেবাৰে কৰা উচিত নহয়। কোনোবাই আকৌ ভাবে যে সামান্য শাৰীৰিক অসুবিধা নোপোৱা যোগা কৰিব পাৰি।
কিন্তু বেছিভাগ শৰীৰ চৰ্চা প্ৰশিক্ষকে অনুভৱ কৰে যে ঋতুস্ৰাৱৰ সৈতে শৰীৰচর্চা কোনো সমন্ধ নাই। ইয়াৰ পৰিৱৰ্তে, এই সময়ত কিছু ব্যায়াম কৰিলে শৰীৰটো পৰিষ্কাৰ হৈ থাকিব। ফেচবুক আৰু ইনষ্টাগ্ৰামত চাৰাৰ বহুসংখ্যক অনুসৰণকাৰী আছে। গতিকে এই ভিডিঅ’টো চোৱাৰ ফলত বহুতো ছোৱালীয়ে ঋতুস্ৰাৱৰ দিনবোৰত ব্যায়াম কৰিব পাৰে, ভয় বা ভুল ধাৰণা বোৰ অতিক্ৰম কৰিব পাৰে।