■ আপুনি চিনেমাত হয়তো টকাৰ পাহাৰ দেখিছে, কিন্তু সচৰাচৰ দৈনন্দিন জীৱনত দেখা নাই। শেহতীয়াকৈ আয়কৰ বিভাগে পীযুষ জৈন নামৰ কানপুৰৰ এজন ব্যৱসায়ীৰ ঘৰত তালাচী চলাই ১৫০ কোটি টকাৰ নোট উদ্ধাৰ কৰিছে। একে সময়তে, তেওঁৰ কেইবাটাও সংস্থাত তালাচী চলোৱা হৈছিল। কানপুৰৰ আয়কৰ বিভাগে প্ৰকাশ কৰা এখন ফটোত বিষয়াসকলক টকা হিচাপ কৰা যন্ত্ৰৰ সহায়ত মাটিত নোটৰ পাহাৰৰ মাজত বহি টকাসমূহ গণনা কৰি থকা দেখা গৈছে।
ইফালে অন্য এখন ছবিত ব্যৱসায়ী পীয়ুষৰ ঘৰৰ আলমাৰীত ভৰ্তি হৈ থকা টকাবোৰ দেখুওৱা হৈছে। সৰু সৰুকৈ বাকচত ৰখা হৈছে টকা। হালধীয়া টেপেৰে বাকচৰ মুখবন্ধ কৰা হৈছে। আয়কৰ বিভাগৰ সূত্ৰই জনাইছে যে শুক্ৰবাৰে ৰাতিপুৱা প্ৰতিবেদন লিখা হোৱালৈকে ১৫০ কোটি টকাৰ নোট উদ্ধাৰ কৰা হৈছিল। কিন্তু গণনা সম্পূৰ্ণ হোৱা নাই। পীয়ুষৰ কাৰ্যালয় কানপুৰৰ লগতে মুম্বাইত তালাচী চলোৱা হৈছে।
#WATCH | As per Central Board of Indirect Taxes and Customs chairman Vivek Johri, about Rs 150 crores have been seized in the raid, counting still underway.
Visuals from businessman Piyush Jain's residence in Kanpur. pic.twitter.com/u7aBTJhGxW
— ANI (@ANI) December 24, 2021
আয়কৰ বিভাগৰ বিষয়াসকলে কৰ ফাঁকিৰ অভিযোগত তালাচী চলাইছিল। বিষয়াসকলে কৈছিল যে ব্যৱসায়ীজনৰ বিৰুদ্ধে ভুৱা চালানৰ সৈতে সামগ্ৰী প্ৰেৰণ কৰা, ই-ৱে বিল অবিহনে সামগ্ৰী প্ৰেৰণ কৰাৰ অভিযোগ আছিল। ভুৱা কোম্পানীৰ নামত চালান সৃষ্টি কৰাৰো অভিযোগ আছিল। পীয়ুষৰ কোম্পানীয়ে ৫০,০০০ টকাৰ এনে ধৰণৰ ২০০ টা ভুৱা চালানৰ অভিযোগ উত্থাপিত হৈছে।
আয়কৰ বিভাগৰ বিষয়াসকলে প্ৰথমে আনন্দপুৰীত পীয়ুষৰ ঘৰত তালাচী চলাইছিল। ঘৰটোৰ পৰা ১৫০ কোটি নোট উদ্ধাৰ কৰা হৈছিল। পীয়ুষৰ ব্যৱসায় মূলত সুগন্ধি ব্যৱসায়। তেওঁৰ এখন শীত তাপ নিয়ন্ত্ৰণ কৰা সামগ্ৰীৰ দোকান, পেট্ৰ’ল পাম্পৰ ব্যৱসায়ো আছে। ইয়াৰোপৰি তেওঁৰ মুম্বাইত এটা শ্ব’ৰুম আছে। কানপুৰৰ আয়কৰ বিভাগৰ বিষয়াসকলৰ সৈতে মুম্বাইৰ বিষয়াসকল তালাচী অভিযানত উপস্থিত আছিল।