- চলচ্চিত্ৰ পৰিচালক সুনীল দৰ্শনে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে গুগলে অননুমোদিত ব্যক্তিসকলক তেওঁৰ ছবি ‘এক হাছিনা থি এক দিৱানা থা’ ইউটিউবত আপলোড কৰিবলৈ অনুমতি দিছিল।
- মুম্বাই আৰক্ষীয়ে জনাইছে যে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

♦ মুম্বাইঃ মুম্বাই আৰক্ষীয়ে বুধবাৰে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া (Google CEO) সুন্দৰ পিচাই আৰু কোম্পানীটোৰ আন পাঁচজন বিষয়াৰ বিৰুদ্ধে কপিৰাইট আইন উলংঘনৰ গোচৰ ৰুজু কৰিছে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, ‘এখন আদালতৰ নিৰ্দেশত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই আৰু কোম্পানীৰ আন ৫ জন বিষয়াৰ বিৰুদ্ধে কপিৰাইট আইন উলংঘনৰ বাবে গোচৰ ৰুজু কৰা হৈছে।’

চলচ্চিত্ৰ পৰিচালক (Suneel Darshan)সুনীল দৰ্শনে তেওঁৰ অভিযোগত উল্লেখ কৰি কৈছে যে, গুগলে অননুমোদিত ব্যক্তিসকলক তেওঁৰ ছবি ‘এক হাছিনা থি এক দিৱানা থা’(Ek Haseena Thi Ek Deewana Tha) ইউটিউবত আপলোড কৰিবলৈ অনুমতি দিছিল। সমগ্ৰ বিষয়টোৰ ওপৰত অধিক তদন্ত চলি আছে।
পূৰ্বতেও পৰিচালক সুনিল দৰ্শনে কপিৰাইট বিষয়টোক লৈ আদালতৰ কাষ চাপিছিল। পুনৰ এনে ঘটনাৰ বাবে মুম্বাইৰ আদালতে সুন্দৰ পিচাই আৰু গুগলৰ আন পাঁচজনৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণৰ নিৰ্দেশ দিছিল। আন্ধেৰী ইষ্টৰ এমআইডিচি আৰক্ষীয়ে কৈছে যে, এখন এজাহাৰ পঞ্জীয়ন কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে।

মন কৰিবলগীয়া কথা এইয়ে যে, পৰিচালক সুনীল দৰ্শনে বলিউডৰ শীৰ্ষ অভিনেতাসকলৰ সৈতে বলীউডত কেইবাখনো চলচ্চিত্ৰ ইতিমধ্যে নিৰ্মাণ কৰিছে আৰু তেওঁ নিৰ্মাণ কৰা অন্তিমখন চলচ্চিত্ৰ আছিল ২০১৭ চনত ‘এক হাছিনা থি এক দিৱানা থা’। চিনেমাখন ইউটিউবত কেইবাজনো লোকে আপলোড কৰিছিল।

ইণ্ডিয়া টুডে সংবাদ সংস্থাক বিৱৰণ দি সুনীল দৰ্শনে উল্লেক কৰি কয় যে, তেওঁ কাকো চলচ্চিত্ৰৰ অধিকাৰ দিয়া নাই আৰু তেওঁ বহু বছৰ ধৰি ইউটিউবৰ বিৰুদ্ধে যুঁজ দি আহিছে। ‘মই এতিয়াও তেওঁলোকৰ পৰা কোনো সঁহাৰি পোৱা নাই। মই চিনেমা নিৰ্মাণ কৰোঁ আৰু সেইবোৰ মোৰ সম্পত্তি। আন কোনোবাই তেওঁলোকক কোটি কোটি দৰ্শনৰ সৈতে আপলোড কৰিছে, ইউটিউব আৰু আনসকলে ইয়াৰ পৰা উপাৰ্জন কৰিছে। মই বহুতো অভিযোগ কৰিছিলো কিন্তু কোনো সঁহাৰি দিয়া নাছিল,’ বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ কয়।

যোৱা মঙলবাৰে, এম.আই.ডি.চি. (MIDC police) আৰক্ষীয়ে বিষয়টোত এখন এজাহাৰ দাখিল কৰিছিল আৰু এতিয়া গোচৰটোৰ অধিক তদন্ত অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি, উক্ত এজাহাৰখন ১৯৫৭ চনৰ (copyright act of 1957 under Sections 51, 63 and 69)কপিৰাইট আইনৰ অধীনত ৫১, ৬৩ আৰু ৬৯ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে।