24.4 C
Guwahati

মানৱ সৰবৰাহকাৰী নজৰুল ইছলাম ওৰফে পকেট আৰক্ষীৰ জালত, পণ্যসামগ্ৰীৰ দৰেই বিক্ৰী হৈছে মানুহ

- Advertisement -

● বহিঃৰাজ্যলৈ মানৱ সৰবৰাহৰ অভিযোগত ৰঙিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাৰ ভাগত আটক কৰিবলৈ সক্ষম হয়। ৰঙিয়া আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল ধৃত নজৰুল ইছলাম।সংবাদ মাধ্যমৰ আগত আৰু বহু লোক জড়িত থকাৰ কথা সদৰী কৰে ধৃত পকেটে।

ৰঙিয়াৰ পৰা ৰেলেৰে নি বহিঃৰাজ্যত যুৱক যুৱতী সৰবৰাহৰ বহু পূৰ্বেও বহু অভিযোগ আছিল পকেটৰ বিৰুদ্ধে। পকেটে লুকুৱাই ৰখা এটা ঘৰৰ পৰা কেইদিনমান পূৰ্বে ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ১১জনকৈ শ্ৰমিক তথা কিশোৰক। আনহাতে পকেটে কাশ্মীৰত বিক্ৰী কৰা এজন যুৱকক বুধবাৰে এছ এছ বিৰ জোৱানে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিছিল।

এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছিল ৰঙিয়া আৰক্ষীয়ে। ইতিমধ্যে পকেটৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। উল্লেখযোগ্য যে, ৰঙিয়া ৰে’ল ষ্টেচনক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে এই মানৱ সৰবৰাহৰ ঘাটি। ৰেলেৰে প্ৰতিদিনেই সৰবৰাহ হৈ আছে অসমৰ যুৱক-যুৱতী, কিশোৰ-কিশোৰী। আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে এতিয়া অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

ৰঙিয়াত পণ্যসামগ্ৰীৰ দৰে বিক্ৰী হোৱা যুৱক-যুৱতী, কিশোৰ-কিশোৰীৰ এই ব্যৱসায় দিনক দিনে বৃদ্ধি পাবলৈ লোৱাত এতিয়া চিন্তিত হৈ পৰিছে ৰঙিয়াৰ সচেতন মহল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

ৰঙাপৰাত উদ্ধাৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ ঈগল

♦ৰঙাপৰাৰ স্থানীয় প্ৰকৃতি প্ৰেমী মৃদুল ডেকাই আজি দিনৰ ১ বজাত এটা ঈগল চৰাই উদ্ধাৰ কৰি আমাৰিবাৰী আঞ্চলিক...

গো-সৰবৰাহকাৰীৰ ৰূপত গাঁওৰক্ষী বাহিনীৰ সভাপতিঃ ৬টাকৈ চোৰাং গৰুসহ আটক...

◊ বৃহস্পতিবৰে মাজ নিশা কাজিগাঁও আৰক্ষী চক্ৰ পৰিদৰ্শক ৰাজু গগৈৰ নেতৃত্বত গো-সৰবৰাহকাৰী বিৰূদ্ধে বগৰিবাৰী আৰক্ষীয়ে অভিযান চলাই৷...

টাটা গ্রুপৰ মালিক ৰতন টাটাৰ এখন বিশেষ চিঠি, কিয়,...

■ কলিকতাৰ এগৰাকী যুৱক। যুৱকজনৰ এনে এটা দিন আছিল, যেতিয়া তেওঁৰ পকেটত মাত্ৰ ২,৫০০ টকাহে আছিল। তেওঁ...