♦ ঐতিহ্যমণ্ডিত অসম সত্ৰ মহাসভাৰ ঐতিহাসিক দলিল সত্ৰ বাৰ্তাৰ পুনৰ উন্মোচন কৰা হয় যোৱা ১৬ আগষ্টত। এই উদ্দেশ্যে উক্তদিনা দিনৰ ২ বজাত অসম সাহিত্য সভা ভৱনত আয়োজিত এক সভাত অসম সত্ৰ মহাসভাৰ উল্লেখিত পষেকীয়া বাতৰি কাকত ‘সত্ৰ বাৰ্তা’ৰ পুনৰ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ডঃ সূৰ্য হাজৰিকাই। উন্মোচনী ভাষণত ডঃ হাজৰিকাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অপূৰ্ব তথা অমৰ সৃষ্টিৰাজী সমগ্র বিশ্বত প্ৰচাৰৰ বাবে অসম সত্ৰ মহাসভাই আগভাগ লবলৈ আহ্বান জনাই মন্তব্য কৰে যে সত্ৰ বাৰ্তাৰ প্ৰকাশ এই ক্ষেত্ৰত উল্লেখযোগ্য বাটকটীয়া। তেওঁ নামঘৰ, সত্ৰ, বৃন্দাৱনী বস্ত্ৰ, ভাওনা আদিৰ ওপৰত এক তত্বগধূৰ ভাষণ প্ৰদান কৰে। অকল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সকলো বিষয় সামৰি এটা অতি সুন্দৰ ভাবে সংগ্ৰহালয়ৰ নিৰ্মাণ কৰাৰ বাবে সকলোকে সহযোগ কৰিবলৈও তেওঁ আহ্বান জনায়।
অসম সত্ৰ মহাসভাৰ সভাপতি তথা শ্ৰীশ্ৰী ৰামৰায় কুঠি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীযে সভাপতিত্ব কৰা সভাখনৰ আত ধৰে থানেশ্বৰ মালাকাৰে আৰু আদৰণী ভাষণ প্ৰদান কৰে অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই। সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ফটিক দত্ত গোস্বামী। উল্লেখ্য যে সভাৰ আৰম্ভণিতে অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সম্পাদক কৃষ্ণ গোস্বামীৰ পৰিচালনাত হিৰাশ্ৰী বৈশ্য আৰু নয়না দাস বৰুৱাই শ্ৰীশ্ৰী মাধৱদেৱৰ এটি বৰগীত পৰিবেশন উপস্থিত শ্ৰোতা দৰ্শকক আপ্লুত কৰে। খোলবাদ্য সংগত কৰে কৃষ্ণ কান্ত দাসে।
সভাপতিৰ ভাষণত জিতেন্দ্ৰ নাথ প্ৰধানীযে অসমৰ সকলো জিলাৰ সত্ৰ-নামঘৰ, আঞ্চলিক, জিলা সমূহৰ লগতে কেন্দ্ৰীয় সমিতিৰ সদস্য সকলে ‘সত্ৰ বাৰ্তা’ৰ গ্ৰাহক হোৱাটো বাঞ্চনীয় বুলি আশাব্যক্ত কৰাৰ লগতে ‘সত্ৰ বাৰ্তা’ৰ বছৰেকীয়া গ্ৰাহক হবলৈ অনুৰোধ জনায়। অসমৰ সত্ৰ সমূহৰ বা-বাতৰি নিয়মীয়া ভাবে প্ৰকাশ কৰাৰ একমাত্ৰ বাতৰি কাকত ‘সত্ৰ বাৰ্তা’ খন সকলো সত্ৰীয়া লোকে আদৰি লোৱা উচিত’ বুলি সভাপতিজনে মন্তব্য কৰে। সভাপতি গৰাকীয়ে ভাষনত কয়।তেখেতে সম্পাদনা সমিতিৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।সভাপতি গৰাকীয়ে ভাষণত কয়। তেখেতে সম্পাদনা সমিতিৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে সম্পাদনা সমিতিৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। সভাপতি গৰাকীয়ে সত্ৰ বাৰ্তাৰ সম্পাদনা সমিতিৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।উক্ত সভাত ‘সত্ৰ বাৰ্তা’ৰ সম্পাদনা সমিতিৰ সদস্য সকলৰ উপৰিও কেইবাগৰাকী সত্ৰাধিকাৰ, কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়া, সদস্য আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।