26 C
Guwahati

শিক্ষাবিদ-অধ্যাপক দেৱেন দত্তৰ মৃত্যুত শোক

- Advertisement -

♦ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, অশীতিপৰ অধ্যাপক দেৱেন দত্তৰ বিয়োগত বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি আৰু মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ সদ্য প্ৰয়াত দেৱেন দত্তই ৰাজ্যত গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত উদ্যোগীৰ ভূমিকা গ্ৰহণ কৰিছিল৷ আনহাতে ২০০৩ৰ শেষাৰ্ধত গুৱাহাটীত সম্পত্তি কৰ হঠাতে কেবাগুণো বৃদ্ধিৰ কৰাৰ বিৰুদ্ধে গুৱাহাটীবাসী আৰু গুৱাহাটীৰ উন্নয়ন সমিতিবোৰ সংগঠিত হৈ বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি গঠন কৰি এক ঐক্যৱদ্ধ নাগৰিক আন্দোলন গঢ়ি তুলিছিল৷

অধ্যাপক দেৱেন দত্ত উক্ত নাগৰিক আন্দোলনৰ লগত ওত:প্ৰোতভাৱে জড়িত হৈ পৰিছিল আৰু আন্দোলনৰ প্ৰায়বোৰ কাৰ্যসূচীতে অংশগ্ৰহণ কৰিছিল৷ আন্দোলনৰ জনপ্ৰিয়তাৰ হেঁচাত গুৱাহাটী পৌৰ নিগমে সম্পত্তিকৰ বৃদ্ধিৰ প্ৰস্তাৱ স্থগিত ৰাখিবলৈ বাধ্য হৈছিল আৰু পাছলৈয়ো ২০০৪ বৰ্ষৰ পূৰ্বৰ গৃহৰ ওপৰত বৰ্ধিত কৰ সংগ্ৰহ বন্ধ কৰিছিল৷ বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি আৰু মহানগৰ উন্নয়ন সমিতৰ যুটীয়া উদ্যোগত গুৱাহাটীৰ মাষ্টাৰ প্লেনৰ বিসঙ্গতিৰ বিৰুদ্ধে ২০০৫ত গঢ়ি তোলা নাগৰিক আন্দোলনতো অধ্যাপক দত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল৷

অধ্যাপক দেৱেন দত্তই বিদ্যুৎ নিয়ামক আয়োগৰ শুণানীবোৰতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু এই ক্ষেত্ৰত নাগৰিক সমিতিৰ লগত সমন্বয়ৰক্ষা কৰি চলিছিল৷ অসমীয়া ভাষাৰ লিখন আৰু উচ্চাৰণৰ ক্ষেত্ৰত অধ্যাপক দত্ত অত্যন্ত সংবেদনশীল আছিল আৰু ভাষাৰ শুদ্ধতা ৰক্ষাৰ হকে এক নিজাববীয়া বৌদ্ধিক সংগ্ৰাম গঢ়ি তুলিছিল৷ বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি আৰু মহানগৰ উন্নয়ন সমিতি গুৱাহাটীয়ে প্ৰয়াত দত্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু লগতে শোক সন্তপ্ত পৰিয়াল আৰু তেখেতৰ গুণমুগ্ধসকলৰ প্ৰতি আন্তৰিক সমবেদনা প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

জুৰোডত বিল্ডাৰৰ অত্যাচাৰত ৰাজপথত অনসন ভুক্তভোগী পৰিয়ালৰ

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত একাংশ বিল্ডাৰৰ ময়মতালীত গৃহহীন হোৱাৰ উপক্ৰম হৈছে একাংশ পৰিয়াল। বহিঃৰাগত বিল্ডাৰে বলপূর্বকভাৱে ভূমি দখল...

বিজেপি আৰু সাৰথ ৰেড্ডীক ইডিৰ তদন্তৰ আওঁতালৈ অনাৰ দাবী...

◊ ইডি, চি বি আই, আৰক্ষীৰ ক্ষমতা অপপ্ৰয়োগ কৰি আপৰ গতি ৰোধ কৰিব বিচাৰিছে চৰকাৰে ◊ আপৰ কাৰ্যালয়ত...

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অসমত প্রথম মিয়াৱাকি বন প্রকল্প...

    গুৱাহাটী ৯ অক্টোবৰ : ইয়ং ইণ্ডিয়ান গুৱাহাটী চাপ্টাৰে আজি অসমত ইয়াৰ প্ৰথম মিয়াৱাকি বন প্রকল্প পাণিখাইতিৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ...