21 C
Guwahati

মৌলিক কথাবোৰত গুৰুত্ব দিয়ক শিক্ষা বিভাগে

- Advertisement -

✒️অসমৰ শিক্ষা বিভাগৰ কিছু আজৱ ঘটনাই আমাক বিভাগটোৰ ওপৰত দুষাৰ কথা ক’বলৈ বাধ্য কৰাই। অসমৰ শিক্ষা বিভাগে শিক্ষক-শিক্ষয়িত্ৰী সকলে কেনেধৰণৰ সাজ-পোছাক পৰিধান কৰিব তাক লৈ এক জাননী দিয়া আমাৰ পৰিলক্ষিত হৈছে। যিটো সময়ত অসমৰ শিক্ষা বিভাগটোৱে বিভিন্ন বিদ্যালয়ত এজনা শিক্ষকৰে চলি থকা বিদ্যালয়সমূহত শিক্ষক নিযুক্তি দিব পৰা নাই, বিদ্যালয়ৰ অন্ত:গাঁথনিত কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই তেনেকুৱা এটা শিক্ষা বিভাগে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পোচাকক লৈ লাগি থকাটো অত্যন্ত দূৰ্ভাগ্যজনক। আমাৰ হাতত থকা তথ্য অনুসৰি বৰ্তমান অসমত ২,৯৮৯খন বিদ্যালয় এজনা শিক্ষকৰে চলি আছে, অসমত এতিয়াও ১,১৪০খন বিদ্যালয়ত পকী ঘৰ নাই। কেঁচা গৃহৰে পাঠদান চলি আছে। ৫১১খন বিদ্যালয়ত বৰ্তমানো বিদ্যুৎ সংযোগ নাই, ১৬,১৬খন বিদ্যালয়ত বৰ্তমানো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই, ১৪,৫৮৭ খন বিদ্যালয়ত বৃহৎ মেৰামতিৰ প্ৰয়োজন আছে। ২২,৭২৪খন বিদ্যালয়ত পৰ্যাপ্ত শ্ৰেণীকোঠা নাই আৰু প্ৰায় ১০,০০০খন বিদ্যালয়ত প্ৰতি ৩০জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে একোজনকৈ শিক্ষক নাই এনেদৰে চলি থকা অসমৰ শিক্ষা বিভাগটোৱে বিদ্যালয়সমূহৰ অভাৱ, বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ এৰি অলাগতীয়াল কিছুমান বিষয়ত গুৰুত্ব দি থকাটোৱে শিক্ষা বিভাগৰ চৰম দ্বায়িত্বহীনতাক সূচায়।
২০১০চনত কলিকতা উচ্চ ন্যায়ালয়ে এক ৰায়দানৰ জৰিয়তে স্পষ্ট ভাৱে কৈছিল যে যিবোৰ সাজ-পোছাক “শালীন” বুলি ক’ব পৰা যায় তেনেকুৱা সাজ-পাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিধান কৰি আহিব পাৰে তাত কোনেও কোনোধৰণৰ বাধা আৰোপ কৰিব নোৱাৰিব। আমি সকলোৱে দেখি আহিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়, মহাবিদ্যালয় এখনত আহিলে শালীনতা বৰ্তাই ৰাখি সাজ-পোছাক পৰিধান কৰি আহে তেনে ক্ষেত্ৰত শিক্ষা বিভাগৰ এনে সিদ্ধান্তই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মৌলিক অধিকাৰ সমূহৰ বিপক্ষে যোৱা আমাৰ পৰিলক্ষিত হৈছে।
আজি বিদ্যালয়ৰ বিভিন্ন শিক্ষক-‌শিক্ষয়িত্ৰীসকলে তেওঁলোকক নিয়মীয়াকৰণ কৰাৰ বাবে প্ৰতিবাদ কৰি আছে, পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰৱৰ্তন কৰাৰ দাবীত শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰতিবাদ কৰি আছে তেনে এক ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যিবিলাক মৌলিক দাবী সেইবোৰ পূৰণ নকৰি এনেকুৱা কিছুমান সিদ্ধান্ত এই শিক্ষা বিভাগটোৱে গ্ৰহণ কৰি থাকিলে অসমৰ মানুহখিনিৰ পৰাই তেওঁলোকৰ বিশ্বাসযোগ্যতা হেৰাই যাব।
আমি আশা কৰিছোঁ অসমৰ শিক্ষা বিভাগটোৱে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যিবিলাক মৌলিক দাবী আৰু বিদ্যালয়সমূহৰ যিটো পয়ালগা স্বৰূপ সেইবোৰ থিক কৰি অসমৰ শিক্ষাৰ্থী সমাজৰ বাবে এক অধ্যয়নৰ সুস্থ পৰিৱেশ অব্যাহত ৰাখিব।

জিন্টু তালুকদাৰ
তৃতীয় ষান্মাসিক, পদাৰ্থ বিজ্ঞান বিভাগ
নলবাৰী মহাবিদ্যালয়

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

শিশুৰ মানসিক বিকাশত শিশু-সাহিত্যৰ অৱদান ✒️উৰ্ম্মিলা বৰগোহাঁই

আমাৰ মানৱ দেহাটোত সংঘটিত কিছুমান ক্ৰিয়াকে মানসিক ক্ৰিয়া বা কাৰ্য্য বুলি কওঁ। চিন্তা, স্মৃতি, সুখ-দুখ, ভয় -...

গ্ৰীষ্মকালীন কর্মশালাত কেৰিয়াৰ সজাগতা বিষয়েও আলোচনা হওক

মাননীয় সম্পাদক মহোদয়, ৰাজ্য চৰকাৰ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিক্ষাৰ্থীৰ মানসিক-বৌদ্ধিক তথা শাৰীৰিক উৎকর্ষ সাধনৰ বাবে বিভিন্ন বিষয়ত অসমৰ...

কেৰিয়াৰ পৰামৰ্শ কোষ গঠনৰ বাবে বাজেটত ধন আবণ্টন কৰিব...

মাননীয় সম্পাদক মহোদয়, ৰাজ্যৰ ৰাজহুৱা পুথিভঁৰালসমূহত কেৰিয়াৰ পৰামৰ্শ কোষ গঠনৰ বাবে চৰকাৰে বাজেটত ধন আবণ্টন কৰিব লাগে, যাতে...