Modal title

Copyright © অসম খবৰ ২০২৪

Modal title

Copyright © অসম খবৰ ২০২৪

20 C
Guwahati

গুৱাহাটী প্ৰেছ ক্লাবত মুকুট শৰ্মাৰ ‘শৰাইঘাটৰ ৰণত লাচিতৰ বিৰুদ্ধে ষড়যন্ত্র আৰু অন্যান্য’ উন্মোচন

- Advertisement -

• লাচিত বিষয়ক সাম্প্ৰতিক সময়ৰ ব্যতিক্ৰমী চিন্তাৰ ফচল-ময়ুৰ বৰা
গুৱাহাটীঃ “সাম্প্ৰতিক সময়ত সমাজৰ অগোচৰে থাকি যোৱা কেতবোৰ বিশেষ বিষয়ত নিজৰ চিন্তা আৰু বিশ্লেষণেৰে কেবাখনো উৎকৃষ্ট গ্ৰন্থৰ প্রণেতা এগৰাকী প্ৰগতিশীল লেখক মুকুট শৰ্মাৰ ‘শৰাইঘাটৰ ৰণত লাচিতৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু অন্যান্য’ এখন ব্যতিক্ৰমী গ্রন্থই নহয়, প্রত্যেকজন অসমীয়া মানুহকে নতুন চিন্তাৰ খোৰাক দিব পৰা এখন অনন্য গ্রন্থ।” আজি গুৱাহাটী প্ৰেছক্লাবত ‘শৰাইঘাটৰ ৰণত লাচিতৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু অন্যান্য’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে মুকলি কৰি এই মন্তব্য বিশিষ্ট চিন্তাবিদ তথা গৱেষক, সাহিত্যিক ময়ুৰ বৰাৰ।

ভাষণ প্ৰসংগত শ্ৰীময়ুৰ বৰাই অসমৰ জাতীয় নায়ক লাচিত বৰফুকনৰ বিৰুদ্ধে শৰাইঘাটত কৰা ষড়যন্ত্ৰৰ বিশ্লেষণ কৰি ইয়াক গ্ৰন্থ আকাৰে উলিয়াই দিয়া কথাটো সমাজৰ বাবে এক দায়বদ্ধতা বুলিও মত প্রকাশ কৰে। একেদৰে গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, কবি তথা ঔপন্যাসিক ড০ নন্দ সিং বৰকলাই গ্ৰন্থখনৰ লেখকে সুক্ষ্মাদি সুক্ষ্ম অধ্যয়নৰ জৰিয়তে লাচিতৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰক ৰাইজৰ মাজলৈ উলিয়াই দি এটা নতুন বিষয়বস্তুক সাৰ্বজনীন ৰূপ দি অধিক অধ্যয়নৰ বাবে বাট কাটি দিয়া বাবে মুকুট শৰ্মাৰ এই গ্ৰন্থখন ইতিহাস হৈ থাকিব বুলি মন প্ৰকাশ কৰে।

লগতে ড০ নন্দ সিং বৰকলাই সাম্প্ৰতিক সময়ৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ চিন্তাৰে সমাজক নতুন চিন্তাৰ খোৰাক দিবলৈ প্ৰগতিশীল সাহিত্যিক মুকুট শৰ্মাই কৰা প্ৰচেষ্টাক ইতিমধ্যে অসমীয়া পাঠক সমাজে আদৰি লোৱাটো শুভ লক্ষণ বুলিও মত প্রকাশ কৰে। আজিৰ এই গ্ৰন্থ উন্মোচনী সভাখনত আঁত ধৰে কবি তথা মাহেকীয়া ‘সংযোগ’ আলোচনীৰ সম্পাদক প্রশান্ত গগৈয়ে। সভাত ‘বীৰ লাচিত সেনা অসম’ৰ মুখ্য সচিব ৰণ্টু পানীফুকনকে ধৰি বহু সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। সভাত গ্ৰন্থখনৰ লেখক মুকুট শৰ্মায়ো নিজৰ মত ব্যক্ত কৰি গ্ৰন্থখনক সকলোৱে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে। গ্ৰন্থখনৰ প্ৰকাশক ভাষা প্ৰকাশনৰ সূত্ৰই জানিবলৈ দিয়া মতে গ্রন্থখন চলিত অসম গ্ৰন্থমেলাৰ ভাষা প্ৰকাশনৰ বিপনীত উপলব্ধ হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
19 ° C
19 °
19 °
76 %
2.1kmh
0 %
Fri
19 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

গছপুলি ৰোপণ, পৰিৱেশ মূলক শ্রেষ্ঠ ছবি প্ৰদৰ্শন, সজাগতা সভাৰে...

■ গুৱাহাটী ৫ জুন, ২০২৪ : প্ৰকৃতি আৰু সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান প্রাগজ্যোতি কমিউনিকেশ্যনচ'ৰ উদ্যোগত ১৫ সংখ্যক বৰ্ষৰ বাবে...

গুৱাহাটী আৰ্টিষ্টছ গীল্ডত মৃদুস্মিতা গোস্বামীৰ উপন্যাস “জীয়া শিল” উন্মোচন

● “পাঠকৰ মন-মগজু জোকাৰি একাত্ম হ’ব পৰাজনহে প্ৰকৃত সাহিত্যিক”- নিতুমনি শইকীয়া গুৱাহাটীঃ ১৭মাৰ্চঃসংবাদ দাতা, মনীষা শৰ্মা- “পাঠকৰ মন-মগজু...

বিকাশৰ ১২ দিনঃ বিভিন্ন আঁচনিৰ বঁটা আৰু আর্থিক সাহায্য...

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ...