১)বনভোজলৈ যোৱা বাহনত অত্যাধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব।
২)বনভোজস্থলী আৰু ইয়াৰ আশে-পাশে সুৰাৰ অবৈধ বেপাৰ কৰিব নোৱাৰিব।
৩)গাড়ী চলোৱাৰ আগতে চালকে কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰিব নোৱাৰিব।
৪)বনভোজৰ বাহনত উচ্চ প্ৰাবল্যৰ সংগীত বজাব নোৱাৰিব।
৫)সুৰাৰ অবৈধ বেপাৰ কৰা ধাবাসমূহত স্থানীয় আৰক্ষীয়ে নিয়মিত তালাচী চলাব লাগিব।
৬)সূৰ্য্যোদয়ৰ আগতে আৰু সূৰ্য্যাস্তৰ পিছত বনভোজলৈ যাব নোৱাৰিব।
৭)বনভোজলৈ যোৱাৰ পূৰ্বে বনভোজ যাত্ৰাৰ আৰম্ভণি আৰু গন্তব্যস্থলৰ বিষয়ে অৱগত কৰিব লাগিব স্থানীয় আৰক্ষীক।
৮)স্থানীয় আৰক্ষীৰ থাকিব লাগিব এটা নিৰীক্ষণ গোট। প্ৰয়োজনত VDPৰ সহযোগত বনভোজস্থলীত অবৈধ তথা বেঅইনী কাৰ্য্যকলাপৰ বিৰূদ্ধে অভিযান চলাব লাগিব।
৯) অসুৰক্ষিত বনভোজস্থলীসমুহত পৰ্যাপ্ত পৰিমাণে পোহৰৰ ব্যৱস্থা থাকিব লাগিব ।
১০)প্ৰত্যেক বনভোজস্থলীতে গাড়ী পাৰ্কিঙৰ উপযুক্ত ব্যৱস্থা থাকিব লাগিব।
১১)চালকসকল বনভোজৰ যাত্ৰাপথৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত হব লাগিব আৰু উপযুক্ত জোতা পৰিধান কৰা হব লাগিব।
১২)কুঁৱলী পৰি থকা সময়ত যাব নোৱাৰিব কোনো বনভোজলৈ।