19 C
Guwahati

কাজি নেমুক ৰাজ্যিক ফল হিচাপে ঘোষণা

- Advertisement -

অসম চৰকাৰে কাজি নেমুক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে। ৰাজ্যিক কেবিনেটে কালি কাজি নেমুক ৰাজ্যিক ফল হিচাপে স্বীকৃতি প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছিল যদিও কৃষিমন্ত্ৰী অতুল বৰাই আজি বিধানসভাত এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। কাজি নেমুৱে ২০১৯ চনত জি আই টেগ লাভ কৰিছিল আৰু এই ফলবিধ অকল অসমতে উপলভ্য। বিধায়ক নিজানুৰ ৰহমানৰ এটা প্ৰশ্নৰ উত্তৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে, চৰকাৰে গাঁও পঞ্চায়তৰ বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ ভিত্তিত গাঁও পঞ্চায়তসমূহৰ পুনৰ গঠনৰ বিষয়ে বিবেচনা কৰি আছে আৰু এই সন্দৰ্ভত কাম অব্যাহত আছে। বিজেপিৰ বিধায়ক বিদ্যাসিং ইংলেঙৰ এটা প্ৰশ্নৰ উত্তৰত খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে, চৰকাৰে অকল নিমখৰ বাবেহে অনুজ্ঞাপত্ৰ প্ৰদান কৰে। তেওঁ লগতে কয় যে, অন্য অত্যাৱশ্যকীয় সামগ্রীসমূহ মুকলি বজাৰৰ জৰিয়তে কিনা-বেচা হয় আৰু সেইসমূহৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা...

■অসমৰ গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলৰ প্ৰতিজন শিশুৰ মুখত আবৃত্তিৰ অমৃত যোগান ধৰা, অসমীয়া আবৃত্তি প্ৰশিক্ষণৰ লগত জড়িত...

ৰাণী উন্নয়ন খণ্ড বিলুপ্ত বা স্থানান্তৰ নকৰি যথাস্থানতে ৰাখিবলৈ...

আজাৰাঃ সমষ্টি পুনৰ গঠনৰ পিছত ৰাজ্যত প্ৰশাসনিক কাম-কাজ সমূহ ৰাইজৰ মাজলৈ নি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাৰ বাবে সমষ্টি...

টক্ আনফিল্টালেটডত পডকাষ্টত মনীষা শৰ্মাৰ দুখন উপন্যাস উন্মোচন

গুৱাহাটীঃ জনপ্ৰিয় অসমীয়া পডকাষ্ট চেনেল ‘টক্ আনফিল্টালেটডত’ কবি,লেখক তথা বিশিষ্ট ঔপন্যাসিকা মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ ক্ৰমে ‘বনলতা’...