26 C
Guwahati

টক্ আনফিল্টালেটডত পডকাষ্টত মনীষা শৰ্মাৰ দুখন উপন্যাস উন্মোচন

- Advertisement -

গুৱাহাটীঃ জনপ্ৰিয় অসমীয়া পডকাষ্ট চেনেল ‘টক্ আনফিল্টালেটডত’ কবি,লেখক তথা বিশিষ্ট ঔপন্যাসিকা মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ ক্ৰমে ‘বনলতা’ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ‘হাতী আৰু ফান্দী’ (সামাজিক উপন্যাস) আৰু ‘ৰেখা’ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ‘ভেম’ (সামাজিক) আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। গ্ৰন্থ দুখন আনুষ্ঠানিক ভাৱে উন্মোচন‌কৰে বিশিষ্ট লেখিকা, অধিবক্তা মণিদীপা বৰঠাকুৰ শৰ্মাৰ লগতে টক্ আনফিল্টালেটডৰ স্বতাধিকাৰী কৃষ্ণক্ষী শৰ্মাই। গ্ৰন্থ দুখন উন্মোচন কৰি অধিবক্তা মণিদীপা বৰঠাকুৰে কয় যে, অসমৰ গ্রাম্য পটভূমিৰ আধাৰত ৰচিত মানুহৰ জীৱন, সময়ৰ ওপৰত নিৰ্ভৰ কৰি ৰচিত মনীষা শৰ্মাৰ গ্ৰন্থই সমাজত সদায় আদৰ পাই আহিছে।

‘হাতী আৰু ফান্দী’ উপন্যাস পঢ়ি সচেতন মহলে নিশ্চয় বুজিব পাৰিব যে, বনৰীয়া হাতীক পহৰা দিব পাৰি কিন্তু এচাম অসাধু যেতিয়া বনৰীয়া হাতীতকৈও বেছি ভয়ানক হয় তেতিয়া কোনোও তাত পহৰা দিয়া মানুহ নাথাকে।বনৰীয়া হাতীয়ে মানুহৰ ঘৰ নষ্ট, খেতি নষ্ট কৰে, কিন্তু এচাম অসাধুয়ে নিজে মানুহ খোৱা হাতীলৈ ৰূপান্তৰিত হয়।ঠিক সেইদৰে ‘ভেম’ উপন্যাস খন পঢ়িও সকলোৱে বুজিব পাৰিব যে, আমাৰ প্ৰতিখন ঘৰত ঘটি থকা ঘটনাৰ আলমত লুকাই থাকে কিছু সৰু সৰু অভিমান, সৰু সৰু ভেমত কেতিয়াবা থান-বান হৈ যায় এখন ঘৰ।নিজৰ মানুহৰ ওচৰত গুৰুত্বহীন হৈ পৰাৰ যি গোপন বেদনা, তাক আনে হয়তো নেদেখে, আনক দেখুৱাব নোৱাৰাৰ অন্য এক সহ্যাতিত যন্ত্ৰনাত দগ্ধ হৈ মৃত্যুতকৈও গভীৰ এক দুখে খান্দি উকা কৰে এটা পৰিপাটি জীৱনৰ সকলো শৃংখলা। সেয়ে দুখন গ্ৰন্থ বৰ সুন্দৰ সহজ সৰল শব্দ প্ৰয়োগেৰে ৰচিত গ্ৰন্থ দুয়োখন নিশ্চয় পঢ়ুৱৈ সমাজে আঁকোৱালি ল’ব। একেদৰে টক্ আনফিল্টালেটডৰ স্বত্বাধিকাৰী কৃষ্ণক্ষী শৰ্মাই লেখিকা মনীষা শৰ্মাৰ এনে প্ৰচেষ্টাৰ প্ৰতি শলাগ স্বীকাৰ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

লৌহপুৰুষ ক্ৰীড়াৰত্ন প্ৰেমদা কান্ত শৰ্মাৰ ১১০ সংখ্যক জন্মদিৱসৰ শুভাৰম্ভ

দেশৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অক্লান্ত সেণানী, অসম শক্তি মেলাৰ অন্যতম প্ৰথম গৰাকী চেম্পিয়ন, সৰ্বশ্ৰেষ্ঠ সন্তৰণ বীৰৰূপে বিভূষিত...

বিশ্ব মৌমাখি দিৱস: ২০২৪ চনত ৪ টনতকৈ অধিক স্থানীয়ভাৱে...

গুৱাহাটী, ২১ মে’, ২০২৪: ২০ মে’ত পালন কৰা বিশ্ব মৌমাখি দিৱসৰ লগত সংগতি ৰাখি অসমৰ সৰ্ববৃহৎ তথা জনপ্ৰিয় দুগ্ধ...

IIT Guwahati Covid-19: মহানগৰীত পুনঃ কোভিডৰ সংক্ৰমণ; গুৱাহাটী আই...

♦ গুৱাহাটী আই আই টি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা ♦ কোভিডত আক্ৰান্ত হৈছে গুৱাহাটী আই আই টি অধ্যাপকসহ...