26 C
Guwahati

ৰঙালী বিহুৱেও দিব পাৰে জীৱিকাৰ সন্ধান 🖋️ ড° বুলজিৎ বুঢ়াগোহাঁই

- Advertisement -
● অসমীয়া সমাজত বিহু কেৱল এক সংস্কৃতি নহয়, ই অসমৰ জীৱন প্ৰৱাহ । অতীজতে ককাদেউতাহঁতে উপাৰ্জনবিহীন কামবোৰৰ বাবে ভেকাহি লগোৱা ‘ক’ত বিহু মাৰি ফুৰিছিলি’, ‘চ’তৰ বিহু গাৰ পৰা যোৱাই নাই’ কথাবোৰ এতিয়া যেন একেবাৰে অপ্ৰাসংগিক। কাৰণ, বিছৰ পৰম্পৰাৰ ভিতৰতো সোমাই পৰিছে বহু উপাৰ্জনৰ পথ। একবিংশ শতিকাৰ দুৱাৰডলি পাৰ হৈ আমি সকলো দিশতে পৰিৱৰ্তন দেখিছোঁ। পৰিৱৰ্তনৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকিব । সততে উত্থাপিত সাংস্কৃতিক দিশটোৰ এটা ইতিবাচক পৰিৱৰ্তন হ’ল – সংস্কৃতিৰ বুকুত কেৰিয়াৰৰ অনুসন্ধান ।

[envira-gallery id=”12137″]

ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ মানে হ’ল বিহুৰ লগত হ’ব পৰা জীৱন- জীৱিকাৰ উপায়সমূহ। ইয়াৰ লগত বিভিন্নধৰণৰ কথা জড়িত হৈ আছে। আমাৰ ৰাজ্যখনৰ সকলো অঞ্চলৰ লগতে প্ৰৱাসী অসমীয়াসকলেও পৃথিৱীৰ বিভিন্ন অঞ্চলত ৰঙালী বিহু উদযাপন কৰে। এই ৰঙালী বিহুৰ জৰিয়তে ৰাজ্যখনক এক উল্লেখযোগ্য পর্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। ৰঙালী বিহুৰ বিষয়ে পৃথিৱীৰ বিভিন্ন প্রাস্তৰৰ ৰাইজক জনাবৰ বাবে আমি তথ্য-প্ৰযুক্তিৰ সহায় ল’ব লাগিব। এই তথ্য- প্ৰযুক্তিৰ ভিতৰত হ’ব পাৰে ৱেবছাইট, ইউটিউব চেনেল আদি। ঠিক সেইদৰে ফটোগ্ৰাফাৰসকলে বিহুৰ লগত জড়িত বিভিন্ন বিষয়বোৰ বিভিন্ন ফটোৰ মাধ্যমেৰে বিভিন্ন অনলাইন বা অফলাইন আলোচনী, বাতৰি কাকত বা ছ’চিয়েল মিডিয়াৰ যোগেদি উপস্থাপন কৰিব পাৰে। তাৰ বাবে বিহু বিষয়ক কথাবোৰ কেৱল ইংৰাজী বা অসমীয়া বা হিন্দী কৰিব ভাষাতেই নহয় পৃথিৱীৰ বিভিন্ন ভাষাত যদি প্রকাশ কৰিব পাৰোঁ তেতিয়া পৃথিৱীৰ বিভিন্ন প্রান্তৰৰ ৰাইজে বিহুৰ বিষয়ে অৱগত হ’ব আৰু বিহুৰ সময়ত অসমলৈ পৰিভ্রমণৰ বাবে আহিবলৈ আগ্রহ প্রকাশ কৰিব। তেতিয়া তেওঁলোক থকা-মেলাৰ বাবে হোটেল উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰু তাৰ লগতে যান-বাহন আৰু টুৰিষ্ট গাইডৰ আৱশ্যক হ’ব।
গতিকে বিহুৰ লগত প্রতক্ষ্য বা পৰোক্ষভাৱে আমাক পৰ্যটনৰ বাবে বিভিন্নধৰণৰ সা-সুবিধাৰ আৱশ্যক হৈ পৰিব। এইদৰে জীৱন-জীৱিকাৰ পথত বিদেশী পৰ্যটকেও উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰিব। ঠিক সেইদৰে বিহু বিষয়ত যিসকলে গৱেষণা কৰিছে তেওঁলোকৰ গৱেষণা গ্রন্থসমূহ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰি যদি প্ৰকাশ কৰে আৰু যদি সেই গ্রন্থসমূহ বিক্ৰী হোৱাৰ বাবে উপযোগী হয় তেন্তে ইয়ো হ’ব পাৰে জীৱন-জীৱিকাৰ পথ। অসমত বিহুৰ সময়ত অর্থাৎ বসন্ত কালত ফুলা বিভিন্ন অর্কিডসমূহে পর্যটকক আকৰ্ষণ কৰাৰ কথা আমি সকলোৱে জানো। গতিকে সেই অৰ্কিডসমূহক ব্যৱসায়ৰ ভিত্তিত উৎপাদন কৰাৰ ব্যৱস্থা কৰি তাক পেকেজিঙৰ সুব্যবস্থা কৰি পৃথিবীৰ আন আন মানুহৰ হাতত তুলি দিয়াৰ ব্যৱস্থাও কৰিব পৰাৰ থল অসমত আছে যি হ’ব পাৰে জীৱন-জীবিকাৰ এটা পথ। বিহুনাম গাওঁতে আৰু বিহু নাচ নাচোঁতে বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰা হয়। এই বাদ্যযন্ত্ৰসমূহৰ ভিতৰত ডেকাসকলে ব্যৱহাৰ কৰা বাদ্যসমূহ যেনে— ঢোল, পেঁপা, তাল, বাঁহী আদি। ঠিক সেইদৰে গাভৰু বা নাচনীসকলে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহ যেনে- গগনা, সুতুলি, টকা আদি। এই বাদ্যযন্ত্ৰসমূহ নিৰ্মাণৰ উদ্যোগ এটা আমাৰ যুবক-যুৱতীসকলে গঢ় দি তুলিব পাৰে আৰু এই উদ্যোগৰ যোগেদিও তেওঁলোকৰ জীবন-জীৱিকাৰ পথ মুকলি হ’ব পাৰে। আপোনালোকৰ মনত হয়তো প্রশ্ন জাগিব পাৰে যে এই বাদ্যযন্ত্ৰসমূহৰ যোগেদি কেনেকৈ জীৱন-জীৱিকাৰ পথ মুকলি হ’ব পাৰে ? এই প্ৰসংগত ক’ব বিচাৰোঁ যে ইয়াৰ বাবে আমি কষ্ট কৰিব লাগিব, একাণপতীয়াভাৱে ইয়াৰ লগত লাগি থাকিব লাগিব আৰু এই বাদ্যযন্ত্ৰসমূহৰ বিষয়ে আমি সঠিক ৰূপত সঠিকভাৱে প্ৰচাৰ আৰু প্ৰসাৰ যদি কৰিব পাৰোঁ তেতিয়া দেশ- বিদেশৰ বিভিন্ন ব্যক্তিয়েও এই বাদ্যযন্ত্রসমূহ ক্রয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব। এই বাদ্যযন্ত্ৰসমূহৰ বিষয়ে বর্ণনা আমি বিতংকৈ বিভিন্ন তথ্য-প্ৰযুক্তিৰ মাধ্যমেৰে দাঙি ধৰিব পাৰিব লাগিব। ভিডিঅ’, ফটো বা লেখাৰ জৰিয়তে হ’লেও এই বাদ্যযন্ত্ৰসমূহৰ বিষয়ে তাৰ ব্যৱহাৰৰ কৌশল আৰু ধৰণ সম্পর্কে বিতংভাৱে জনাব পাৰিলে ৰাজ্যখনৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ লোকসকলেও এই বাদ্যযন্ত্ৰসমূহ কিনিবৰ বাবে আগ্রহ প্রকাশ কৰিব আৰু তেতিয়া কেৱল বহাগতেই নহয় বছৰৰ বাৰমাহেই এই বাদ্যযন্ত্রসমূহ বিক্রী হোৱাৰ সম্ভাবনা প্রবল। এনে এটা পৰ্যায়ৰ বাবে আমি সঠিকভাবে পৰিকল্পনা কৰিব লাগিব আৰু প্ৰচাৰ কৰিব লাগিব। গতিকে বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰসমূহৰ উৎপাদনো জীবন-জীবিকাৰ পথ হ’ব পাৰে।
বিহুৰ সাজ-পোছাক প্ৰস্তুত কৰাটো জীৱন-জীৱিকাৰ এটা পথ হ’ব পাৰে । বিহুত নাচনীয়ে মুগাসাজ পিন্ধে। আন্তর্জাতিক বজাৰত এই সাজযোৰৰ মূল্য যথেষ্ট বেছি। লগতে নাচনীসকলে পৰিধান কৰা বিভিন্ন অলংকাৰৰ ভিতৰত ডিঙিত পিন্ধা জোনবিৰি, ঢোলবিৰি, দুগদুগী, গলপতা ইত্যাদি। হাতত পিন্ধা গামখাৰু আৰু কাণত পিন্ধা কেৰুমণি, থুৰীয়া আদিৰ উৎপাদনো জীৱন- জীৱিকাৰ পথ হ’ব পাৰে। অসমৰ গামোচাৰ উৎপাদনৰ ক্ষেত্ৰখন বহিঃৰাজ্যই আৱৰি ধৰিছে। আমাৰ কপাহী গামোচাখন চাহিদা চাই যোগান কম। গতিকে বহিঃৰাজ্যৰ প্ৰভাৱক উৎখাত কৰিবলৈ আমাৰ যুৱক-যুৱতীসকলে মাৰ বান্ধি যুঁজিবলৈ পণ ল’ব লাগিব। এইদৰে আমাৰ যুৱক-যুৱতীসকলে গঢ় দি তুলিব পাৰে এক উৎকৃষ্ট উদ্যোগ। বিহুত ঢুলীয়াসকলে পিন্ধা সাজপাৰৰ উৎপাদনো জীবিকাৰ পথ হ’ব পাৰে। মুঠতে এই সাজপাৰ তথা অলংকাৰসমূহ প্রস্তুত তথা উৎপাদন কৰি যুৱক-যুৱতীসকলে উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে। এনেকুৱাও নহয় যে এই সাজ পাৰসমূহ অকল বিহুৰ সময়তেই যে পৰিধান কৰিব। বছৰৰ বাৰমাহ অনুষ্ঠিত হৈ থকা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বিভিন্ন উপলক্ষত পতা মেল-মিটিং সমূহতো মুগাসাজ পিন্ধা, বিহুনাচ নচা, বিহুনাম গোৱা আদি পৰিবেশন কৰা পৰিলক্ষিত হয়। গতিকে বিহুৰ লগত সংলগ্ন জীবন-জীবিকাৰ এই পথটো অকল যে বিহু সময়তে মুকলি থাকি তেনে নহয় বছৰৰ বাৰমাহেই বিহুৰ লগত জড়িত সাজপাৰ, আ-অলংকাৰ আদি বিক্ৰী হোৱাৰ দিশটো সবল। এইসমূহৰ সৰ্বাধিক পৰিমাণৰ উৎপাদনেৰে এখন বজাৰ দখল কৰাৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি যুৱক-যুৱতীসকলে গুৰুত্ব প্ৰদান কৰাটো উচিত। কিন্তু এই কামখিনি কৰিবলৈ যোৱাৰ আগত মন কৰিব লাগিব যে ক’ত এইবোৰ প্ৰস্তুতকৰণৰ বাবে উপযুক্ত কেঁচামাল পোৱা যাব আৰু এনে সাজপাৰ বা আ-অলংকাৰ প্ৰস্তুতকৰণৰ কেন্দ্ৰ সেই অঞ্চলত আছে নে নাই, কাৰণ তেনে উদ্যোগ বা কেন্দ্ৰ থকা অঞ্চলত নতুনকৈ এনেধৰণৰ কেন্দ্ৰ এটা স্থাপন কৰিলে লাভৱান হ’ব পৰা নাযাব । এইবাবে বজাৰৰ এক জৰীপ কৰি লোৱাটো প্রয়োজন ।
বিহু উৎসৱৰ লগত বিভিন্ন খাদ্যসম্ভাৰো জড়িত হৈ আছে। যেনে— পিঠা-পনা, জা-জলপান আদি। জা-জলপানৰ ক্ষেত্ৰত চিৰা, মুড়ি, ভজা চাউল, কোমল চাউল, বৰা চাউলৰ জলপান, পিঠাগুড়ি, হুৰুম, সান্দহ, আখৈ ইত্যাদি। তদুপৰি বহাগ বিহুৰ সময়ত এশ এবিধ শাক খোৱাৰ পৰম্পৰাও আছে। গতিকে উৎকৃষ্টমানৰ এনে খাদ্যসম্ভাৰ প্ৰস্তুতকৰণৰ উদ্যোগো অসমত গঢ় লৈ উঠিব পাৰে। অৱশ্যে এই খাদ্যসম্ভাৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা প্রবাসী অসমীয়াসকলৰ ওচৰলৈ পঠিওৱাৰ এক ব্যৱস্থাও বৰ্তমান গঢ় লৈ উঠিছে। গতিকে ক’ব বিচাৰিছোঁ যে বিহুৰ সময়ত প্ৰচলিত খাদ্যসম্ভাৰো জীৱন-জীৱিকাৰ এটা পথ হ’ব পাৰে। অৱশ্যে এনে উদ্যোগ গঢ় লৈ উঠিছে যদিও ই যথেষ্ট নহয়। গতিকে আমাৰ যুৱক-যুৱতীসকল এনে উদ্যোগ গঢ়ি তুলিবলৈ যদি আগবাঢ়ি আহে তেন্তে তেওঁলোক স্বাৱলম্বী হোৱাৰ লগতে আমাৰ অসমৰ খাদ্যসম্ভাৰে পৃথিৱীজুৰি ৰাইজৰ আগত পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ’ব। তাৰবাবেও ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া, ইউটিউব, ব্লগ, ৱেবছাইট, আলোচনী, বাতৰিকাকত আদিৰ সহায় ল’ব লাগিব। এনেদৰে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিলে কেবল প্রবাসী নহয় পৃথিৱীৰ বিভিন্ন মানুহে বিহুৰ লগত জড়িত এই খাদ্যসম্ভাৰ গ্ৰহণ কৰিবলৈ নিশ্চয় আগবাঢ়ি আহিব। এনে ব্যবসায়ৰ পৰা আমাৰ ৰাজ্যখনলৈ এটা অংশ হ’লে আর্থিক সাহায্য আগবঢ়াব পৰা যাব।
হুঁচৰি, বিহুনাচ, বিহুনাম আদি ভালদৰে পৰিৱেশন কৰিব পাৰিলেও সি জীবন-জীবিকাৰ এটা পথো হ’ব পাৰে। যিসকলে বিহুনাম ভালদৰে গাব পাৰে, নাচিব পাৰে তেওঁলোকৰ বাবে ইয়ো হ’ব পাৰে জীবন-জীবিকাৰ এটা পথ। তদুপৰি তেওঁলোকে চৰকাৰী বা বেচৰকাৰী চাকৰিতো নিযুক্তি লাভ কৰিব পাৰে। তেনে এক উল্লেখযোগ্য ক্ষেত্র হ’ল সাংস্কৃতিক বিভাগ। কোনো লোকে যদি পৰিৱেশ্য কলা বিষয়ত শিক্ষা গ্ৰহণ কৰি চার্টিফিকেট আহৰণ কৰিব পাৰে, তেন্তে তেওঁলোকে সাংস্কৃতিক দিশৰ যিকোনো ক্ষেত্ৰত নিযুক্তি লাভ কৰিব পৰাৰ সম্ভাৱনা প্রবল। সেইদৰে অনুষ্ঠিত হোৱা বিভিন্ন প্রতিযোগিতাত পাৰদৰ্শিতা দেখুৱাব পাৰিলে তাৰপৰাও পুৰস্কাৰ হিচাপে নগদ ধন লাভ কৰিব পাৰে। তেনে প্রতিযোগিতাবোৰ হ’ল যেনে— বিহুৰাণী, বিহুকুঁৱৰী, বিহুৱা, হুঁচৰি প্রতিযোগিতা আদি। গতিকে এইক্ষেত্ৰত আগ্রহীসকলে যদি বৃত্তিমূলকভাবে ইয়াক গ্ৰহণ কৰে তেন্তে ইয়ো হ’ব পাৰে জীৱন- জীবিকাৰ এটা পথ।
এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে নতুনকৈ প্ৰৱৰ্তন হ’বলগীয়া ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে থলুৱা সংস্কৃতিৰ ওপৰত বিশেষ গুৰুত্ব দিছে। ইতিমধ্যে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শ্ৰেণীৰ পাঠ্যক্রমত বিহু বিষয়টো সন্নিবিষ্ট কৰিছে, য’ত তাত্ত্বিক আৰু ব্যাৱহাৰিক পাঠ্যক্রম সন্নিৱিষ্ট কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ যেতিয়া প্রযোজ্য হ’ব, তেতিয়া আমি সকলোৱে আমাৰ ভাষা, সংস্কৃতিক অন্তঃকৰণেৰে অধ্যয়ন কৰিব লাগিব আৰু তেতিয়া বিহুত ব্যৱহৃত হোৱা বাদ্যযন্ত্রসমূহেও এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব।
আমি আশাবাদী যে আমাৰ যুৱক-যুৱতীসকলে এই সকলো দিশক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি নিজৰ লগতে ৰাজ্যখনকো আর্থিকভাবে সবল কৰি তুলিব।

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
https://buljit.blogspot.com/

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

ভাৰতত ইলেকট্রিক বাহন (Electric Vehicle) আৰু সেউজ পৰিৱেশ (Green...

পৰিবহণ আধুনিক জীৱনৰ এক মৌলিক প্ৰয়োজনীয়তা যদিও পৰম্পৰাগত আভ্যন্তৰীণ দহন ইঞ্জিনটো (Internal Combustion Engine) দ্ৰুতগতিত পুৰণি হৈ...

কেৰিয়াৰ পৰামৰ্শ কোষ গঠনৰ বাবে বাজেটত ধন আবণ্টন কৰিব...

মাননীয় সম্পাদক মহোদয়, ৰাজ্যৰ ৰাজহুৱা পুথিভঁৰালসমূহত কেৰিয়াৰ পৰামৰ্শ কোষ গঠনৰ বাবে চৰকাৰে বাজেটত ধন আবণ্টন কৰিব লাগে, যাতে...

মৌলিক কথাবোৰত গুৰুত্ব দিয়ক শিক্ষা বিভাগে

✒️অসমৰ শিক্ষা বিভাগৰ কিছু আজৱ ঘটনাই আমাক বিভাগটোৰ ওপৰত দুষাৰ কথা ক'বলৈ বাধ্য কৰাই। অসমৰ শিক্ষা বিভাগে...