■ ৰঙাপৰা ৰ’লৱে জংচনত ৰে’লৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি দিনৰ ১২-৪৫ বজাত ১৫৮৯৫ নম্বৰৰ ৰঙিয়া-ৰঙাপৰা-মুৰ্কংচেলেক উজনিমুৱা যাত্ৰীবাহী ৰে’লখন ৰঙাপৰা ৰে’লৱে ষ্টেচনত আহি পোৱাৰ পিছত ৰে’লৱে সুৰক্ষা বাহিনীৰ উপ-পৰিদৰ্শক ছোহনলাল প্ৰধান আৰু কনষ্টেবল অমিত ৰোহাজে প্ৰত্যেক দিনাৰ দৰে আজিও নিয়মীয়া তালাচী অভিযান চলায়। ঠিক তেনে সময়ত ০১৫৫১২ নম্বৰৰ ডবাৰ ভিতৰত গৰাকী বিহীন ৩টা বেগ প্ৰত্যক্ষ কৰে। ইফালে ৰে’লৱে সুৰক্ষা বাহিনীয়ে বেগ তিনি টাত নিষিদ্ধ ভাং থকাৰ সন্দেহ প্ৰকাশ কৰে আৰু অভিযানকাৰী দলটোৱে বেগ তিনি টা তালাচী চলোৱাত ১৫.৮০০ কেজি ওজনৰ ভাং জব্দ কৰে। ভাংখিনিৰ মূল্য প্ৰায় ১লাখ৫৮হাজাৰ টকা হ’ব বুলি ৰে’লৱে সুৰক্ষা বাহিনীৰ সূত্ৰত প্ৰকাশ কৰিছে। ভাংখিনি জব্দ কৰি আৰ পি এফে আবকাৰী বিভাগক অৱগত কৰে। উল্লেখ্য যে, বিগত কিছুদিন ধৰি কোনো দুষ্ট চক্ৰই যাত্ৰীবাহী ৰে’লত নিষিদ্ধ ভাং সৰবৰাহ কৰাৰ চেষ্টা চলাই আছে যদিও ৰে’লৱে সুৰক্ষা বাহিনীৰ তীব্ৰ অভিযানৰ বাবে এই কাৰ্যত সফল হ’ব পৰা নাই। দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সুৰক্ষা বাহিনীক আৰু অধিক সষ্টম হ’বলৈ সচেতন ৰাইজে আহ্বান জনায়।