◊ ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুলাপাদুং গাওঁ, নগাপথাৰ গাঁও আৰু ৰঙাপৰা পৌৰসভাৰ অন্তৰ্গত ১নং ওৱাৰ্ড খেৰনিবস্তী, সন্তোষ নগৰ ভদিয়া বানৰ কৱলত। বহু ঘৰ পানীৰ তলত। মালতী বসুমতাৰী আৰু উৰ্মিলা বসুমতাৰী নামৰ দুগৰাকী মহিলা প্ৰায় ৫ ঘন্টা ধৰি ঘৰতে আবদ্ধ হৈ থাকে।
SDRF বাহিনী আৰু ৰঙাপৰা আৰক্ষীৰ তত্পৰতাত তেওঁলোকক উদ্ধাৰ কৰা হয়। নিশা পাহাৰ অঞ্চলত একেৰাহে বৰষুণ হৈ থকাৰ ফলত ডিপুটা নৈ আৰু পাহীজুৰি নৈৰ পানী বাঢ়ি ৰঙাপৰা ১ নং ওৱাৰ্ড অঞ্চল বানৰ কৱলত পৰে। লগতে ডিপুটা নৈৰ ওপৰত থকা ৰূপাজুলি আৰু খেৰনিবস্তী সংযোগী বাহৰ দলংখন পানীয়ে উটোৱাই লৈ যায় ফলত নৈ খনৰ দুয়োপাৰে থকা ৰাইজৰ যাতায়ত সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে।
আনহাতে, অংকুৰ বিকাশ জাতীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰই কয় যে নিশাৰ ধাৰাসাৰ বৰষুণৰ বাবে ইয়াৰ বাসিন্দাসকলৰ সকলো সামগ্ৰী নদীৰ বাঢ়নি পানীয়ে উটুৱাই লৈ যায়। ইপিনে বাঢ়নি পানীয়ে নামনি গাঁও ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে ডুবাই পেলায়।