23 C
Guwahati

ৰঙাপৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ বাইক ৰেলী

- Advertisement -

◆ ৰঙাপৰাঃ সমগ্ৰ ৰাজ্যত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ বতাহ বলি থকা সময়ত আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙাপৰাত এক বৃহৎ বাইক ৰেলী উলিয়াই সমগ্ৰ শোণিতপুৰ জিলাত প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু আটছা, আছা,গোর্খা ছাত্ৰ সন্থা,সদৌ অসম ভোজপুৰী ছাত্র পৰিষদকে আদি কৰি কেইবাটাও সংগঠনে ৰঙাপৰাৰ পৰা এক বৃহৎ বাইক ৰেলী উলিয়াই কা, আমি নামনো,বি.জে.পি গ’ বেক,সৰ্বানন্দ সোণোৱাল গ,বেক, আদি শ্লো’গানেৰ ৰঙাপৰাৰ আকাশ বতাহ উত্তাল কৰি তোলে।

আজিৰ বাইক ৰেলিত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মানবেন্দ্ৰ ডেকা, ৰঙাপৰা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অবিনাশ বৰা,সভাপতি বাপন দাস বড়ো,অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাৰ ৰঙাপৰা উপ শাখাৰ সহকাৰী সম্পাদক শিৱা কৰ্মকাৰ,সাংগঠনিক সম্পাদক সান্তনু তাতী,ক্ৰীড়া সম্পাদক পিতাম্বৰ দাস ,গোৰ্খা ছাত্ৰ সন্থাৰ ৰঙাপৰা আঞ্চলিকৰ সঞ্জয় লিম্বু,সদৌ অসম ভোজপুৰী ছাত্র পৰিষদৰ ৰঙাপৰা শাখাৰ সম্পাদক পিন্টু শাহে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ৰঙিয়াৰ শৈক্ষিক প্ৰতিষ্ঠান ইউক্লিড গ্ৰুপৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেনাপ্ৰধান বিপিন...

♦ আজি ৰঙিয়াৰ ইউক্লিড গ্ৰুপৰ বিজ্ঞান শাখাৰ উদ্যোগত তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত দেশ মাতৃৰ বাবে জীৱন আহুতি দিয়া...

প্ৰধানমন্ত্ৰী মোডীয়ে ঝাজ্জৰৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত বিশ্ৰাম সদন উদ্বোধন...

■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ এইমছৰ ঝাজ্জৰ চৌহদৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ভিডিঅ'...

চৰাইদেউ জিলাৰ লাকুৱাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয়...

পাৰ্থ প্ৰতিম বৰুৱা, শিৱসাগৰঃ দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে চৰাইদেউ জিলাৰ লাকুৱাত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম চাহ জনজাতি...