কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা অসমৰ অন্যতম প্ৰতিভা সম্পন্ন পুৰুষ। তেওঁ একাধাৰে এগৰাকী
নাট্যকাৰ, গীতিকাৰ, অভিনেতা, গল্পকাৰ, প্রৱন্ধকাৰ, ঔপন্যাসিক, ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক ব্যক্তিত্ব এক অতুলনীয় সমন্বয় বুলি আমি সকলোৱে অৱগত। অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ কাৰণে বিষ্ণুপ্রসাদ ৰাভাৰ নাম আমি সোণালী আখৰৰে চিৰদিনৰ বাবে সকলোৰে হৃদয়ত স্মৰনীয় হৈ ৰব। তেওঁ অসমীয়া জাতি সংস্কৃতিৰ পূজাৰী এজন অনাঁতাৰ শিল্পী। তেওঁৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰী বাংলাদেশৰ ঢাকাত ।
তেওঁ ১৯১৭ চনত ঢাকাত অনুষ্ঠিত হোৱা উৰ্দু নাটকত এটা সৰু চৰিত্ৰৰ অভিনয় কৰি অভিনয় জগতৰ পাতনি মেলে আৰু তাৰ পাছৰে পৰা তেওঁৰ সামাজিক জীৱন যাত্ৰা আৰম্ভ হয় আৰু কোনো দিনে থমকি ৰব লগা হোৱা নাছিল। তেওঁ নিজৰ জীৱনটো সাহিত্য সংস্কৃতিৰ মাজেৰে সমাজৰ প্ৰতিটো কাম অতি নিয়াৰিকৈ পালন কৰি গৈছিল। তেওঁ কবিতা গল্প, উপন্যাস ৰচনা কৰাৰ লগতে সংগীত আৰু কলাৰ সাধক আছিল। তেওঁ এজন অভিনেতা হিচাপে তেজপুৰৰ বান ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰে। তেওঁ অভিনয়তে সীমাবদ্ধ হৈ নাথাকি বোলছবি,এৰা বাটৰ সুৰ, প্ৰতিধ্বনি আদিত অভিনয় কৰিছিল। তেওঁ প্ৰথম অসমীয়া কথাছবি জয়মতী বোলছবিত নৃত্য পৰিচালনা কৰিছিল। তেখেতৰ এনেবোৰ প্ৰতিভাৰ প্ৰতি বিমুগ্ধ হৈ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি জনা গৈছিল। তেওঁ অসমীয়া সংগীত জগতলৈ ও যি অবদান আগবঢ়ায় গৈছে সেইয়া কেতিয়াও পাহৰিব নোৱাৰি। তেওঁৰ দ্বাৰা ৰচিত প্ৰতিটো গীতয়েই সমাজৰ প্ৰাণ ধৰি ৰাখিছিল । কণ কণ মইনা হতে আজিও তেওঁৰ গীতৰ তালে তালে মতলীয়া হৈ নৃত্য পৰিবেশন কৰে। তেওঁৰ ৰচিত কিছু গীত হৈছে -টিলাই টিলাই ঘুৰি ফুৰে উলাহৰে, বিলতে হালিছে ধুনীয়া পদুমী, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, পৰ জন্মৰ শুভ লগনৰ ইত্যাদি।
তেওঁ অসমৰ সংস্কৃতি বিষয়ক এখনি সৰু পুথি প্ৰকাশ কৰে। এই পুথিখনত তেওঁ বাৰে বৰণীয়া বিহুনাচ বিষয়াক কিছু জানিব লগীয়া কথা দাঙি ধৰিছে। এই নৃত্য বোৰ কৃষি ভিত্তিক , অসমীয়াৰ প্ৰাণ, মাটিৰ গোন্ধৰ কথা তেওঁ বৰ্ণনা কৰাত তেওঁ পিছ পৰা নাছিল। তেনে ধৰনৰ গীত সমূহ বহুতো আছে, তাৰে ভিতৰত এটা গীত সকলোৰে মুখে মুখে -বল বল বল কৃষক শক্তি দ’ল, অ, বনুৱা সমনীয়া আগ বাঢ়ি যাও বল ।লোক-নৃত্যৰ পৰা শাস্ত্রীয় নৃত্যলৈকে, নাট-ভাওণা বোলছবিলৈ, সাধুকথা-সাঁথৰ, লোকগীত, আধুনিক সাহিত্যলৈ, সাধাৰণ অংকণকলাৰ পৰা সাঁচিপাতৰ শিল্পলৈ বহুতো কলাৰ অগ্ৰাধিকাৰ। এই সকলোবোৰ গ্ৰন্থখনত সন্নিৱিষ্ট হৈ থকে আৰু বহুতো, অসমীয়া মানুহৰ থলুৱা ৰন্ধন প্রণালী, মানৱ সমাজৰ জীৱন শৈলী , বিভিন্ন ধৰণৰ আ-অলংকাৰ, সাজ পোচাক, চিকিৎসা পদ্ধতিৰে আদি বিষয় সমূহ সুৱাগুৰি গ্রন্থখনত সোণত সুৱগা চৰাইছে। তেওঁ অসমীয়া সমাজলৈ আগবঢ়োৱা অসমীয়া কৃষ্টি, মানৱ জাতি, অতীত অসমৰ চমুকৈ হ’লে ও আভাষ দি গৈছে। তেওঁ সাহিত্য সংস্কৃতিৰ মাজেৰে বহুতো কবিতা,গল্প, উপন্যাস ৰচনা কৰাৰ লগতে সংগীত আৰু কলাৰ সাধক বুলি পৰিচিত। তেওঁ বহুকেইখন পুথি সমাজ সংস্কৃতিৰ হকে লেখি গৈছে। তেওঁ ৰচনা হৈছে – অসমীয়া কৃষ্টি, অতীত অসম, পল্লী সমাজ, মটক মৰাণ, আপতনি, বজ্জনাৰ বিলুপ্তিৰ, বড়ো সমাজ,মৰাং, চীনদেশৰ বিপ্লৱ, ভাৰত চীন বিবাদ, সমাজ সংস্কৃতি, আৰু নৃত্যৰ প্ৰতি অনুৰাগ আৰু বিশ্লেষণাত্মক ৰুচি দেখিবলৈ পোৱা গৈছে। তেওঁ বৰগীতৰ স্বৰলিপি আৰু গায়ন-বায়ন, খোল-তাল ওপৰত বিশেষ তথ্য উত্থাপন কৰে।
তেওঁ এজনা বৰেণ্য পুৰুষ। তেওঁ অসমীয়া সমাজ সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। জীৱনৰ অন্তিম কালচোৱাত তেওঁ নিজৰ মৃত্যুৰ কথা উপল্বধি কৰিব পাৰিছিল, সেই গতিকে তেওঁ লিখিছিল এয়া মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান ইত্যাদি। তেওঁ মৃত্যু ১৯৬৯ চনৰ ২০ জুন তাৰিখে হয় । তেখেতৰ মৃত্যুৰ দিনটো সন্মান জনাই আমাৰ অসম বাসী ৰাইজে ৰাভা দিৱস হিচাপে পালন কৰে। তেওঁ সৃষ্টিৰাজি সমূহ জীয়াই ৰাখিব হ’লে আমি নৱপ্ৰজনম সকলৰ আগত বহুলভাৱে প্ৰচাৰিত কৰা উচিত। বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ বিষয়ে এয়া মাত্ৰ চমু আভাষহে, তেওঁৰ কথা বা তেওঁৰ বিষয়ে অধ্যয়ন কৰিবলৈ গ’লে নতুবা বাখ্যা কৰিব গ’লে শেষ নহ’ব।
ৰাজশ্ৰী সেনাপতি গগৈ, ডিব্ৰুগড়