■ ভাৰতৰ কোভিড-১৯ টিকাকৰণ প্ৰদানৰ আজি ৭৬ কোটিৰ অধিক সীমা অতিক্ৰম কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰিছে যে, প্ৰথম পালি হিচাপে ৫৭ কোটিতকৈও অধিক ভেকছিনৰ পালি আৰু দ্বিতীয় পালি হিচাপে ১৮ কোটিৰো অধিক ভেকছিনৰ পালি ইতিমধ্যে প্ৰদান কৰা হৈছে।
স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, আজি সন্ধিয়া ৭ বজালৈকে ৫৭ লাখতকৈও অধিক ভেকছিনৰ পালি প্ৰদান কৰা হৈছে।
কোভিড-১৯ৰ টিকাকৰণৰ সাৰ্বজনীনকৰণৰ নতুন পৰ্যায় এই বছৰৰ ২১ জুনৰ পৰা আৰম্ভ হৈছে।
দেশজুৰি টিকাকৰণ অভিযানৰ অংশ হিচাপে, চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো বিনামূলীয়াকৈ কোভিড ভেকছিন প্ৰদান কৰিছে।