19 C
Guwahati

গুৱাহাটী প্ৰেছ ক্লাবত উৎপল বাদল বৰুৱাৰ ‘দৃষ্টিভংগী’ শীর্ষক গ্ৰন্থ উন্মোচন

- Advertisement -

গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত আজি বিয়লি লেখক তথা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰাক্তন মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাৰ ‘দৃষ্টিভংগী’ শীর্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক, ‘প্রান্তিক’ আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাই বিশিষ্ট শিল্পী, কটন কলেজৰ প্রাক্তন অধ্যাপক, লেখক ড° সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, যুক্তিবাদী লেখক, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্র, গুৱাহাটী প্রাক্তন সঞ্চালক দেৱকান্ত সন্দিকৈ উপস্থিত থাকে।
উন্মোচনী ভাষণত প্ৰদীপ বৰুৱাই কয়- ‘দৃষ্টিভংগী’ গ্ৰন্থখনত এটা সুন্দৰ বার্তা আছে। লেখকে জীৱনত পোৱা আনন্দখিনি গ্ৰন্থখনত উল্লেখ কৰিছে। ‘প্ৰান্তিক’ৰ জৰিয়তে লেখকৰ সৈতে আমাৰ পৰিচয়। গ্ৰন্থখনত কেইবাটাও দিশ আছে। কেইবাটাও মূল্যবান লেখা গ্ৰন্থখনত সন্নিবিষ্ট কৰিছে। লেখকে নিজৰ অভিজ্ঞতাৰ কথাও ব্যক্ত কৰিছে। প্রতিজন শিক্ষিত, দায়িত্বশীল লোকে গ্ৰন্থখনপঢ়া উচিত। অসমীয়া জাতিটোক এই গ্ৰন্থখনে বহুখিনি সহায় কৰিব। মই বিশ্বাসকৰোঁ যে দুইলাখ অসমীয়াই সুদীৰ্ঘকাল জাতিটোৰ উত্তৰ ণৰ বাবে কাম কৰি যাব।এইখন এখন অগতানুগতিক গ্ৰন্থ।’ সভাত বিশিষ্ট শিল্পী, কটন কলেজৰ প্রাক্তন অধ্যাপক, লেখক ড° সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, যুক্তিবাদী লেখক, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্র, গুৱাহাটীৰ প্রাক্তন সঞ্চালক দেৱকান্ত সন্দিকৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। বিশিষ্ট কবি, সাংবাদিক মৃদুল হালৈয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত আদৰণি ভাষণ দিয়ে আঁক বাঁক প্ৰকাশনৰ প্ৰকাশক সৌমিত্ৰ যোগীয়ে। অনুষ্ঠানত লেখক উৎপল বাদল বৰুৱাই গ্ৰন্থখনৰ আঁৰৰ কথা কয়। লগতে তেওঁৰ তৃতীয়খন গ্ৰন্থ ‘দৃষ্টিভংগী’ সকলোৱে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে। সভাত বহু সংখ্যক গুণী জ্ঞানী লোক উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ‘নাক’ৰ পৰিদৰ্শন

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান মহাবিদ্যালয়ত ২৫ আৰু ২৬ অক্টোবৰত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ পৰিদৰ্শক মণ্ডলীৰ...

কোনো বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ সময়ত টিউচন ফীজ ল’ব...

মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ ৰেহাই মাচুল বিদ্যালয়সমূহক প্ৰদান দিছপুৰ, ২৭ নৱেম্বৰঃ শিক্ষাৰ্থীয়ে যাতে...

ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ উদ্যোগত “Career options after 10th and...

■ ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত ২৮এপ্রিলত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হোৱা...