34 C
Guwahati

কংগ্ৰেছত সংকট ! গোৱালপাৰা পূৱত আজিও ঘোষিত হোৱা নাই প্ৰাৰ্থীৰ নাম

- Advertisement -

◊ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ আগন্তুক ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৯ মাৰ্চ হৈছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। পিছে এনে এক সন্ধিক্ষণতো কংগ্ৰেছ দলে ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থীৰ চূড়ান্ত তালিকা৷

ৰাকেশ চক্ৰৱৰ্তী

বিশেষকৈ গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত টিকট ঘোষণা কৰিবলৈ গৈ কংগ্ৰেছ দলে মহা সংকটত পৰা বুলি ব্যাপক চৰ্চা চলিছে ৷ বিশেষ সূত্ৰে লাভ কৰা তথ্য অনুসৰি , গোৱালপাৰা পূৱৰ বৰ্তমানৰ বিধায়ক এ , কে, ৰশিদ আলমক পুণৰাই দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ওলোৱা খবৰে সমষ্টিটোৰ কংগ্ৰেছ সমৰ্থকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কিছু কিছু অঞ্চলত বৰ্তমানৰ বিধায়ক জনক পুণৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছ কৰ্মী সকলে দল ত্যাগৰো ভাবুকি প্ৰদান কৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ হাই কামাণ্ডে গোৱালপাৰা পূৱত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই ৷ তাৰ বিপৰীতে দলৰ শীৰ্ষ নেতৃত্বই সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ মাজত উপযুক্ততা আৰু জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীৰ পুণৰ গোপন চাৰ্ভে আৰম্ভ কৰিছে ৷

আশ্রাফুল আলম

এই ছাৰ্ভেৰ ওপৰত ভিত্তি কৰিয়ে আগন্তুক ১৭ মাৰ্চৰ মাজ নিশা ১২ বজাৰ ভিতৰত গোৱালপাৰা পূৱৰ বাবে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৷ জানিব পৰা মতে, সমষ্টিটোত প্ৰাৰ্থিত্ব লাভৰ বাবে মুঠ ১৩ গৰাকী ব্যক্তিয়ে আবেদন কৰিছিল যদিও কংগ্ৰেছৰ হাই কামাণ্ডে ইয়াৰ মাজৰ পৰা এজন নতুন আৰু নিকা ভাৱমূৰ্তিৰ প্ৰাৰ্থীৰ সন্ধান অব্যাহত ৰাখিছে ৷

ইফালে এই মুহূৰ্তত সমষ্টিটোত প্ৰাৰ্থিত্বৰ বাবে দুজন নেতাৰ নাম সঘন উচ্চাৰিত হৈছে ৷ ইয়াৰে এজন হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য তথা যুৱ ব্যৱসায়ী আশ্ৰাফুল আলম আৰু আন জন হৈছে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাকেশ চক্ৰৱৰ্তী।

১৯৯৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱা আশ্ৰাফুল আলম ইতিপূৰ্বে তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা গোৱালপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দেৱান জয়নাল আবেদিন আৰু গোৱালপাৰা বি টি কলেজৰ অধ্যাপক আনোৱাৰা বেগমৰ পুত্ৰ ৷

আনহাতে কা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা সুবক্তা ৰাকেশ চক্ৰৱৰ্তীৰ নামো সমষ্টিটোত সমানে চৰ্চা চলিছে ৷ ইয়াৰ বিপৰীতে প্ৰাৰ্থিত্বৰ দৌৰত ইন্দিৰা মেধি,মহম্মদ হুছেইন (চাজু), মফিজুৰ ৰহমান  তথা নৱজ্যোতি তালুকদাৰেও নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

অৱশ্যে এতিয়া সকলো খিনি নিৰ্ভৰ কৰিছে কংগ্ৰেছৰ হাই কামাণ্ডৰ ওপৰত ৷ হাই কামাণ্ডৰ সুদৃষ্টি যাৰ ওপৰতে পৰিব তেঁৱে হ’ব এই বেলি নিৰ্বাচনত গোৱালপাৰা পূৱৰ কংগ্ৰেছী প্ৰাৰ্থী ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
35.8 ° C
35.8 °
35.8 °
15 %
3.5kmh
97 %
Tue
35 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

ডুমডুমাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গণ গৰ্জন

▶️ডুমডুমাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গণ গৰ্জন ▶️অৰুণাচলৰ চাহ অসমত প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী ▶️নায্য প্ৰাপ্তিৰ দাবীত ক্ষুদ্ৰ চাহ...

অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী আৰু...

● ৰঙাপৰা: শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজে...

সমালোচক জিতেন চেতিয়াৰ দৃষ্টিত ৰেমী শৰ্মাৰ কাব্যগ্ৰন্থ ‘অগ্নিস্নাতা’ৰ এক...

◆ কাব্য পুথি -- অগ্নিস্নাতা কবি -- ৰেমী শৰ্মা ডিচেম্বৰ -- ২০২০ মূল্য নিৰ্ধাৰণ কৰা হৈছে এশ টকা প্ৰতিশ্ৰুতি প্ৰকাশন হেদায়েৎপুৰ গুৱাহাটীত...