20 C
Guwahati

পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে অসমত ৫ খন বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা

- Advertisement -

মালিগাঁওঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে যোৱা ১৫ আৰু ২৯ ছেপ্তেম্বৰত সম্পন্ন হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই সেই দুটা দিনত ৰাজ্যৰ পৰীক্ষাৰ্থী সকলৰ পৰীক্ষা কেন্দ্ৰলৈ অহা-যোৱাৰ সুবিধাৰ বাবে ১২ খন বিশেষ পৰীক্ষা ৰে’লৰ ব্যৱস্থা কৰিছিল। তেনেদৰে অহা ২৭ অক্টোবৰত অনুষ্ঠিত হবলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয় পৰীক্ষাৰ্থী সকলৰ অহা-যোৱাৰ সুবিধাৰ বাবে ৰাজ্যৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে ৫ খন বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰিছে। এই বিশেষ ৰে’ল সমূহৰ চলাচল পৰীক্ষাৰ আগদিনা অর্থাৎ ২৬ অক্টোবৰৰ আৰম্ভ হ’ব। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে ৰে’লৰ সূচী অনুসৰি চলাচল কৰিবলগীয়া বিশেষ ৰে’লকেইখন হ’ল ক্ৰমে – ০৫১০১/০৫১০২ কৰিমগঞ্জ – শিলচৰ – কৰিমগঞ্জ, ০৫১১৯/০৫১২০ মৰিয়নি – নাৰেংগী – মৰিয়নি, ০৫১৩৯/০৫১৪০ হয়বৰগাঁও – গুৱাহাটী – হয়বৰগাঁও, ০৫৪৫৬/০৫৪৫৭ আলিপুৰদুৱাৰ – কামাখ্যা – আলিপুৰদুৱাৰ আৰু ০৫৭৭৯/০৫৬৮০ জামিৰা – শিলচৰ – জামিৰা। ইতিমধ্যে পৰীক্ষাৰ্থী সকলে নিজৰ নিকটৱৰ্তী ৰে’ল ষ্টেচনত খবৰ কৰিলে যাত্ৰাৰ বিতং সময়সূচী জানিব পাৰিব বুলি ৰে’ল কৰ্তৃপক্ষই জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

মুকলি হ’ল প্ৰাগ চিনে এৱাৰ্ডত কেইবাটাও বঁটা লাভ কৰা...

গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত আজি বহুপ্ৰত্যাশিত-বহুচৰ্চিত অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘জিয়া’ৰ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। চলচ্চিত্ৰখনৰ সদ্য...

সংগীত পৰিবেশনৰে সাংস্কৃতিকপ্ৰেমী ৰাইজৰ অন্তৰ জয় কৰিছে পশ্চিম গুৱাহাটীৰ...

আজাৰাঃ পশ্চিম গুৱাহাটীৰ সংগীতৰ জগতখনত শেহতীয়াকৈ এটা চিনাকী নাম হৈছে উদীয়মান কণ্ঠশিল্পী চিন্ময় ৰাভা (দিয়ান)। বৰ্ত্তমান গুৱাহাটীৰ...

বিশ্ব দৰ্শন দিৱসত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতা

গুৱাহাটীঃ বিশ্ব দৰ্শন দিৱস উপলক্ষে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ২১ নৱেম্বৰত সপ্তম ড॰ ৰাজেন্দ্ৰ স্মৃতি দিৱস কুইজ প্ৰতিযোগিতা...