21 C
Guwahati

পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ত যুৱ মহোৎসৱ

- Advertisement -

জালুকবাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদ আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰ উদ্যোগত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ পহিলা নৱেম্বৰৰ পৰা বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হৈছে। পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা যুৱ মহোৎসৱ বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰি আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ড০ ননী গোপাল মহন্তই। এই উপলক্ষে অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড০ উৎপল শৰ্মা, ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি, শ্ৰেণী সমুহৰ সচিব ড০ ধ্ৰুৱজ্যোতি চহৰীয়া, অধ্যাপক ড০ অখিল ৰঞ্জন দত্ত, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি জিন্তু দাস, সাধাৰণ সম্পাদক হিমানজিৎ ডেকাকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল।

আনহাতে উদ্ধোধনী ভাষণত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই সকলো প্ৰতিযোগী সকলক শুভেচ্ছা জ্ঞাপন কৰি নিজৰ প্ৰতিভাৰ বিকাশ ঘটাবলৈ আহ্বান জনায়। উদ্ধোধনী অনুষ্ঠানৰ পাছত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্ধোধন কৰে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই। চমু ভাষণত আইমী বৰুৱাই যুৱ মহোৎসৱত ভাগ লোৱা সকলো প্ৰতিযোগিক শুভেচ্ছা জ্ঞাপন কৰে আৰু নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে চাৰিটা মণ্ডলত অনুষ্ঠিত হৈ যোৱা যুৱ মহোৎসৱত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৭০ খন মহাবিদ্যালয়ৰ ৭০০ জনৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে যুৱ মহোৎসৱৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

সোণপৰুৱা শিশু-সমাজ কল্যাণ পৰিষদৰবাৰ্ষিক অধিৱেশন

গুৱাহাটীঃ সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদৰ চতুৰ্থ বার্ষিক অধিৱেশন খনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চান্দমাৰিৰ পেঞ্চনাৰ ভৱনত...

ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেৰ্টেছ ইউনিয়ন গঠন

♦ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত সেৱা আগবঢ়াই‌ অহা টুৰিষ্ট কেব চালকসকলে দেশৰ ৭৭ সংখ্যক...

ক্ষুদ্ৰ ব্যৱসায়ীৰ স্বাৰ্থত কটনিয়ানৰ প্ৰতিবাদ

ক্ষুদ্ৰ ব্যৱসায়ীৰ স্বাৰ্থত কটনিয়ানৰ প্ৰতিবাদ। কটনৰ সন্মুখৰ ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদৰ বিৰোধিতা কটনিয়ানৰ। কটনিয়ানৰ প্ৰতিবাদলৈ সমৰ্থন পদপথ...