21 C
Guwahati

সোণপৰুৱা শিশু-সমাজ কল্যাণ পৰিষদৰবাৰ্ষিক অধিৱেশন

- Advertisement -

গুৱাহাটীঃ সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদৰ চতুৰ্থ বার্ষিক অধিৱেশন খনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চান্দমাৰিৰ পেঞ্চনাৰ ভৱনত অনুস্থিত হৈ যায়। পুৱা পৰিষদৰ সভাপতি সমাজ বন্ধু ছাজন ভূঞাই পতাকা উত্তোলন কৰাৰ পাছতে বিশিষ্ট লেখিকা দিব্যৰেখা গোস্বামীয়ে অনুষ্ঠানটিত বন্তি প্রজ্বলন কৰে আৰু সাংস্কৃতিক কর্মী মিনতি বর্মনে এটি বৰগীতেৰে মঞ্চ উদ্বোধন কৰে। পৰিষদৰ মুখপত্ৰ ‘সোণপৰুৱা’ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ লেখক লীলাধৰ হাজৰিকাই। উক্ত অনুষ্ঠানত তিনি গৰাকী বৰেণ্য ব্যক্তিক সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মান বঁটা প্রদান কৰে। সোণপৰুৱা শ্ৰেষ্ঠ উপন্যাস বঁটা লাভ কৰে বিশিষ্ট সমাজকৰ্মী শিৱসাধক পৰশুৰাম কাকতিয়ে। সোণপৰুৱা সংগীত শিল্পী বঁ‌টা লাভকৰে চেমনীয়াৰ বাবে গীত ৰচনা কৰি বিখ্যাত হোৱা বৰপেটাৰ সুৰকাৰ গীতিকাৰ ৰমেন দাসে।কৃতী শিক্ষক বঁ‌টা প্ৰদান কৰে ভবানীপুৰৰ শিক্ষক দিলীপ দাসক ।লগতে সমাজৰ হৈ কাম কৰা বহু কেইগৰাকী ব্যক্তিক সম্বৰ্ধনাও প্ৰদান কৰা হয়।

জুৰি বৰুৱা, জিনুমণি বৰুৱা,গীতাঞ্জলী বৰ্মন, লেখিকা ৰাণী চেতিয়া, বসন্ত কুমাৰ ডেকাক।উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল লোক সংস্কৃতিৰ গৱেষক ড° লীলাধৰ হাজৰিকা,আৰোহণ ফাউণ্ডেশ্যনৰ সঞ্চালক সাহিত্যশ্ৰী ড° সীমা বৰা,অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক লেখক ডাঃ জয় বৰা, নেডফীৰ প্ৰাক্তন ডাৰেক্টৰ মনোজ দাস, প্ৰগতি নিউৰ’ ৰেহাৱৰ সঞ্চালক ডাঃ পলাশ পাঠক, সাহিত্যৰত্ন ড° দিবাকৰ নাথ, লেখক অভিনেতা সমাজকৰ্মী ডাঃ গীতাৰ্থ ৰয়মেধি,শিশু বিশেষজ্ঞ ডাঃ ৰেখা বৰকটকী। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কণ কণ ছাত্ৰ-ছাত্ৰীৰ নৃত্য গীত কবিতাই অনুষ্ঠানটি মুখৰিত কৰি তোলে। বোকাখাতৰ কণমানি নৃত্যশিল্পী নিউম নিতম কুটুমে ভাৰত নাট্যম, ৰাভা নৃত্য দেবলীনা ডেকা, বিধাতী চক্ৰৱৰ্তী, ভিচুতি ডেকা, সংগীত পৰিৱেশন কৰে আৰুচি আফ্ৰিনকে আদি কৰি বহুকেইজন কণমানিয়ে। উক্ত অনুষ্ঠানত সমবেত সংগীত পৰিৱেশন কৰে অভিনেত্ৰী হেমলতা চেতিয়া গগৈৰ দলে আৰু দিহানাম পৰিৱেশন কৰে পদুমী ডেকাৰ দিহানামৰ দলে। বয়োজ্যেষ্ঠ লেখিকা তথা প্ৰাগজ্যোতিষ কাকতৰ মুখ্য সম্পাদক শশীপ্ৰভা দাস, সাংস্কৃতিক কর্মী ৰাণী দাস,বিশিষ্ট মহিলা উদ্যোগী কৰিস্মা বেগম, চিকিৎসক ডাঃ ঝর্ণা দেউৰী, বিশিষ্ট ব্যৱসায়ী বাপন দাস, অধ্যাপিকা লেখিকা ৰেণুমাই সন্দিকৈ, মৃদাংক দিহিঙীয়া, নুৰ ইছলাম কাদৰী, কাজী শ্বাহাদত ইছলাম, দিপলু শৰ্মা, জয়া শইকীয়া, বুদ্ধদেৱ দেউৰী, ময়েজ উদ্দিন আহমেদ, কিৰন দাসকে আদিয়ে বহু কবি সংগঠক। সোণপৰুৱাৰ মুখ্য উপদেষ্টা হেমচন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি শোভন কুমাৰ মেধি,উপ- সভাপতি আল্পনা দলে, সোণপৰুৱা আলোচনীৰ সভাপতি পাৰু মহন্ত, সম্পাদিকা কল্যাণী ডেকা,প্ৰচাৰ সম্পাদিকা অভিনেত্রী কবিতা দুৱৰা আদি কৰি বহু বিশিষ্ট কবি সাহিত্যিকে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানটি প্ৰায় দেৰ শতাধিক ব্যক্তি উপস্থিত আছিল বুলি আমাক অৱগত কৰে অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদক ঊষামণি শইকীয়াই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ প্ৰকৃত খলনায়ক বিজেপিঃ আপ

আপ, অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হেমন্ত ফুকনৰ বিস্ফোৰণঃ দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে জড়িত সাৰথ ৰেড্ডীৰ সৈতে...

গুৱাহাটী প্ৰেছ ক্লাবত কাব্য গ্ৰন্থ উন্মোচন

■ গুৱাহাটী প্ৰেছ ক্লাবত শুকুৰবাৰে কবি, লেখিকা, সমাজকৰ্মী ড০ মঞ্জুলা গোস্বামীৰ তৃতীয়খন কবিতা সংকলন 'তুষাৰ কণ' উন্মোচন...

গুৱাহাটী প্ৰেছ ক্লাবত উৎপল বাদল বৰুৱাৰ ‘দৃষ্টিভংগী’ শীর্ষক গ্ৰন্থ...

গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত আজি বিয়লি লেখক তথা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰাক্তন মুখ্য বিমানকোঠ...