♦ ভাৰত তিব্বত সহযোগ মঞ্চ (ৰাষ্ট্ৰীয়)ৰ সৌজন্যত অসম প্ৰান্তৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবেলিও অহা ১৯ ৰ পৰা ২৫ নৱেম্বৰ তাৰিখলৈ গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশৰ তাৱাংলৈ পৱিত্ৰ তাৱাং তীৰ্থ যাত্ৰাৰ অনুষ্ঠিত কৰা হ’ব। তদুপলক্ষে ৪ নৱেম্বৰ তাৰিখে ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্তৰ ৰাজ্যিক সভাপতি কৈলাশ শৰ্মাৰ সভাপতিত্বত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয়ৰ সভাগৃহত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য আৰু শুভাকাংক্ষীৰ উপস্থিতিত প্ৰস্তুতি সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়।
সভাপতি কৈলাশ শৰ্মাই তেখেতৰ বক্তব্যত তাৱাং তীৰ্থ যাত্ৰাৰ মাহাত্ম্য আৰু গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে তাৱাং তীৰ্থ যাত্ৰাৰ প্ৰধান উদ্দেশ্য হৈছে ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত হেঙাৰ ৰূপে থিয় দি থকা আগ্ৰাসী চীনক সকিয়নি দিয়াৰ লগতে চীনৰ হাতৰ পৰা তিব্বতৰ স্বাধীনতা আৰু সনাতনী ধৰ্মৰ অনাদি অনন্ত ৰূপে খ্যাত ভগৱান শিৱৰ বাসস্থান পৱিত্ৰ কৈলাশ মানসসৰোবৰৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰক চীনৰ হাতৰ পৰা উদ্ধাৰ কৰা।
ভাষণ প্ৰসংগত তেখেতে উল্লেখ কৰি কয় যে সহযোগ মঞ্চই জীৱকুলৰ হিতাৰ্থে পৰ্যাৱৰণ ৰক্ষাৰ বাবেও সমগ্ৰ দেশতে জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচাৰ চলাই আহিছে। উল্লেখযোগ্য যে অহা ১৯ নৱেম্বৰ তাৰিখে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বানীকান্ত কাকতী অডিটৰিয়ামত অসমৰ এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক প্ৰতিনিধি সকলক আদৰনি জনোৱাৰ উপৰিও সেই দিনা খনৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জেষ্ঠ্য প্ৰচাৰক তথা ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় মাৰ্গদদৰ্শক ড০ ইন্দ্ৰেশ কুমাৰ, ৰাষ্ট্ৰীয় মহামন্ত্ৰী পঙ্কজ গোৱেলৰ লগতে তিব্বতৰ নিৰ্বাসিত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিষয়ববীয়া উপস্থিত থাকিব।
প্ৰস্তুতি সভাখনত মঞ্চৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সদস্যা উৰ্বশী মহন্ত, বোলছবি পৰিচালক তথা উপদেষ্টা অৰূপ বৰঠাকুৰ, বিশিষ্ট অভিনেতা ৰবীন ডেকা, ৰাজ্যিক মহামন্ত্ৰী ড০ বিচম কুমাৰ সিংহ, প্ৰাক্তন ছাত্ৰনেতা দীপক পাটোৱাৰী, যুৱ বিভাগৰ সভাপতি হেমাঙ্গ মজুমদাৰ, ৰিতু্ৰাজ দাস, জিলা সভাপতি জ্যোতিৰাজ ভূঞা, মফিদুৰ চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট বিষয়ববীয়া তথা শুভাকাংখী উপস্থিত থাকে।