21 C
Guwahati

সাহিত্য সাধনা মঞ্চৰ উদ্যোগত শিশু দিৱস উদযাপন

- Advertisement -

গুৱাহাটীঃ সাহিত্য সাধনা মঞ্চ, অসমৰ কামৰূপ জিলা শাখাৰ উদ্যোগত ১৪ নৱেম্বৰত গুৱাহাটীৰ কাহিলীপাৰাৰ ভগদত্তপুৰত থকা ডেষ্টিনেচন শিশুগৃহৰ বিশেষভাৱে সক্ষম শিশু সকলৰ লগত শিশু দিৱস উদযাপন কৰা হয়৷ শিশু দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত শিশুগৃহৰ পৰিচালনাৰ লগত জড়িত কৰ্মকৰ্তা সকলৰ লগতে সাহিত্য সাধনা মঞ্চৰ কেন্দ্ৰীয় উপদেষ্টা বিনয় শৰ্মা, জিলাৰ উপদেষ্টা কৃষ্ণকান্ত হাজৰিকা, সভাপতি কবিতা হাজৰিকা, অঞ্জলি দাস, ড০ স্বৰ্ণলতা নাথ, চন্দনা ভাগৱতী, অনিতা দেৱী, ভূমিকা দাস, ৰুকুমণি দাস, মিনাক্ষী বৰ্মন উপস্থিত থাকে৷ চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পোৱা শিশু সকলক স্মাৰক আৰু বাকী অংশগ্ৰহণকাৰী সকলক মেডেল প্ৰদান কৰা হয়। ইয়াৰ উপৰিও প্ৰয়াত ঋষি হাজৰিকা সোঁৱৰণত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত বিশেষভাৱে সক্ষম শিশু সকলৰ আবাসী সকলে গীত, নৃত্য আদি পৰিবেশন কৰে৷ শিশুগৃহৰ প্ৰতিষ্ঠাতা ৰূপা হাজৰিকাই চমু ভাষণ প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ

বন্ধুত্বৰ আহ্বান নেওচিব নোৱাৰি কাৰ্বি আংলং-কোকৰাঝাৰ-বঙাইগাঁও-বিশ্বনাথৰপৰাও আহিল ভূপেন-অঞ্জন-কমল-ৰত্ন গুৱাহাটীঃ প্ৰায় দুকুৰি দুবছৰৰ অন্তত গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ...

পিৰামল স্বাস্থ্য আৰু ৱৰ্ল্ড ভিশ্বন ইণ্ডিয়াৰ উদ্যোগত ক’ভিডৰ সজাগতা...

■ ধুবুৰী জিলাৰ সালটাৰী কমিউনিটি হলত পিৰামল স্বাস্থ্য আৰু ৱৰ্ল্ড ভিশ্বন ইণ্ডিয়াৰ উদ্যোগত ক'ভিডৰ সজাগতা মূলক কৰ্মশালা...

গুজৰাটৰ মাণ্ডৱি বন্দৰত ৰাৱালপিৰ লাইটহাউছৰ শুভ উদ্বোধন কেন্দ্রীয় মন্ত্রী...

● আজাদী কা অমৃত মহােৎসৱৰ সৈতে সংগতি ৰাখি সমগ্ৰ ভাৰতত ৭৫ টা লাইটহাউছ পর্যটনস্থলীহিচাপে গঢ় দিয়া হ'ব-...