19 C
Guwahati

ৰাষ্ট্ৰীয় টেনিছত অসমৰ ফাগুন জ্যোতিৰ খিতাপ

- Advertisement -

গুৱাহাটীঃ অসমৰ প্ৰতিভাবান টেনিছ খেলুৱৈ ফাগুন জ্যোতিয়ে ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতা আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ ডাবলছৰ খিতাপ লাভ কৰাৰ বিপৰীতে ১২ বছৰ অনূধ্বৰ্ৰ একক শাখাত ৰানাৰ্ছ আপ হৈছে৷

হাৰিয়ানা ৰোহটকত অনুষ্ঠিত প্ৰতিযোগিতাখনত সদৌ অসম টেনিছ সন্থাৰ প্ৰশিক্ষাৰ্থী তথা গুৱাহাটীৰ হলি চাইল্ড স্কুলৰ ছাত্ৰী ফাগুন জ্যোতিয়ে ১৪ বছৰ অনূধ্বৰ্ৰ ডাবলছৰ ফাইনেলত হাৰিয়ানাৰ আৰাধনা তেহলানৰ সৈতে যুটি বান্ধি ৬-১, ৬-০ ৰ ব্যৱধানত পৰাস্ত কৰে দিল্লীৰ ইৰা চৌধুৰী আৰু তেলেংগানাৰ ছামিয়াৰা জৈনক৷

ইফালে, ১২ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ ফাইনেলত দিল্লীৰ ইৰা চৌধুৰীৰ বিৰুদ্ধে ৬-২-, ৬-২ ৰ পোনপটিয়া ছেটত পৰাস্ত হয় ফাগুন৷ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই ফাগুন জ্যোতিক এই সফলতাৰ বাবে অভিনন্দন জনাইছে৷

উল্লেখ্য যে ধাৰাবাহিক ৰূপত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক প্ৰতিযোগিতাত কেবাটাও খিতাপ জয় কৰা ফাগুন জ্যোতিয়ে অলপতে নিজৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি চি বি এছ চিৰ প্ৰতিযোগিতাত ৰূপ লাভ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে আজাৰাৰ দীপেন মেধিয়ে

আজাৰাঃ ভিয়েটনামত অলপতে অনুষ্ঠিত হৈ যোৱা "আইৰণমেন ট্ৰাইথল'ন " আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আইৰণমেন খিতাপ অৰ্জন কৰি ৰাজ্যৰ...

আই পি এলঃ তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কলকাতা...

কলকাতা নাইট ৰাইডাৰ্ছে দেওবাৰে আই পি এলৰ ফাইনেলত ছানৰাইৰ্জাছ হায়দৰাবাদক ৮ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই...

Exploring the World of Medicinal Flowers: How to Grow...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...