21 C
Guwahati

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে আজাৰাৰ দীপেন মেধিয়ে

- Advertisement -

আজাৰাঃ ভিয়েটনামত অলপতে অনুষ্ঠিত হৈ যোৱা “আইৰণমেন ট্ৰাইথল’ন ” আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আইৰণমেন খিতাপ অৰ্জন কৰি ৰাজ্যৰ লগতে আজাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে আজাৰাৰ ওজাপাৰাৰ দীপেন মেধিয়ে।বিশ্বৰ ৬৩ খন দেশৰ ১৫ শতকৈয়ো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত ভাৰতৰ ৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে তিনিগৰাকী প্ৰতিযোগীয়ে আইৰণমেন খিতাপ অৰ্জন কৰে। ইয়াৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিযোগী দীপেন মেধিয়েও উক্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

সম্পূৰ্ণ নিজা খৰচত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দীপেন মেধিয়ে সদৰী কৰা মতে উক্ত প্ৰতিযোগিতাত তিনিটা ইভেণ্টত ভাগ লৱ লাগে। সৰ্বমুঠ ৮ ঘণ্টা ৩০ মিণিটৰ ভিতৰত সম্পূৰ্ণ কৰিবলগীয়া উক্ত ইভেণ্ট সমূহ দীপেন মেধিয়ে সাঁতোৰ (১.৯কিলোমিটাৰ), চাইক্লিং (৯০ কিলোমিটাৰ)আৰু দৌৰ(২১.১ কিলোমিটাৰ)সম্পূৰ্ণ কৰে ৬ ঘণ্টা ৪১ মিণিট ৬ চেকেণ্ডত। ১,৫০০ প্ৰতিযোগীৰ ভিতৰত ৫৬১ গৰাকী প্ৰতিযোগীয়ে নিৰ্ধাৰিত সময়ত ইভেণ্ট সমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

তেজপুৰত গ্ৰীণ আচিয়ানা হোটেল মুকলি ::

  তেজপুৰত গ্ৰীণ আচিয়ানা হোটেল মুকলি :: শাৰদীয়্ দূৰ্গা পূজা । এই পূজা বতৰত সকলোৱে নতুন নতুন চিন্তাৰে এটা নতুন...

২৬ জানুৱাৰীৰ পৰা ’কৃষ্ণাই প্ৰিমিয়াৰ লীগ’ আৰম্ভ

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত অহা ২৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ’কৃষ্ণাই প্ৰিমিয়াৰ...

ৰাজ্যিক বিজেপিৰ উদ্যোগত ‘”পৰিয়াল সম্পৰ্ক অভিযান” কাৰ্যসূচী

● গুৱাহাটী: অহা ২৩-০২-২০১ তাৰিখ মঙ্গলবাৰৰ পৰা বিজেপি অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিত মাননীয় মন্ত্ৰী,...