25.5 C
Guwahati

সোমবাৰৰ পৰা গুৱাহাটীত আই টি এফ জুনিয়ৰ টেনিছ

- Advertisement -

আন্তৰ্জাতিক প্ৰতিযোগিতাখনত অংশ ল’ব অসমৰ আঠ খেলুৱৈয়ে
গুৱাহাটীঃ গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত সোমবাৰৰ পৰা আই টি এফ জুনিয়ৰ [জে-৬০] টেনিছ প্ৰতিযোগিতা আৰম্ভ হ’ব৷ সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত পূৰ্বৰ দৰে এইবাৰো ১৮ বছৰ অনূধ্বৰ্ৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখন আয়োজন কৰিছে৷ কাইলৈ পূৱা ন বজাৰ পৰাই খেল আৰম্ভ হ’ব৷
বিশ্ব টেনিছ সংঘৰ স্বীকৃত প্ৰতিযোগিতাখনত ল’ৰা আৰু ছোৱালীৰ একক, ডাবলছ আৰু মিক্সড ডাবলচ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে প্ৰতিযোগিতাখন ৱাইল্ড কাৰ্ড লাভ কৰি অসমৰ চাৰিগৰাকী খেলুৱৈয়ে খেলাৰ সুযোগ পাইছে৷ খেলুৱৈ কেইগৰাকী হ’ল ল’ৰাঃ ৰৌণক কাশ্যপ, ৰিয়ান কাশ্যপ, অধিৰাজ ঠাকুৰ আৰু নমিত ভাটিয়া৷ আনহাতে, ছোৱালী শ্বেৰী শৰ্মা, স্নিগ্ধা পাতিবন্দলা, প্ৰচি মালিক আৰু আকাংক্ষা ঘোষ৷

ইফালে, প্ৰতিযোগিতাখনৰ মূল ৰাউণ্ডৰ খেলৰ দুদিন পূৰ্বে কোৱালিফায়িং ৰাউণ্ডৰ মেচ অনুষ্ঠিত হৈছিল আৰু আজি সেয়া সমাপ্ত হয়৷ অসমৰ খেলুৱৈয়ে কোৱালিফায়িং ৰাউণ্ডত অংশ লৈছিল যদিও পোনে পোনে যোগ্যতা অৰ্জনত বিফল হয়৷ কিন্তু এতিয়া সূচী প্ৰকাশ কৰাৰ পাছত যদি কোনো নাম পঞ্জিয়ন কৰা খেলুৱৈ অনুপস্থিত থাকে তেন্তে অসমৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা খেলুৱৈয়ে সুযোগ পোৱাৰ সম্ভাৱনা আছে৷

সদৌ অসম টেনিছ সন্থাৰ সাধাৰণ সম্পাদক অংকুশ দত্ত জনোৱা অনুসৰি কাইলৈ খেলৰ পূৰ্বে চমু উদ্বোধনী অনুষ্ঠানৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰা হ’ব৷ এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সচিব কে জে হিলালি, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰ, সদৌ অসম টেনিছ সন্থাৰ সভাপতি ৰক্তিম শইকীয়া লগতে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক সন্থাৰ বিষয়ববীয়া আৰু নবীন-প্ৰবীন খেলুৱৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
21.6 ° C
21.6 °
21.6 °
73 %
2.7kmh
2 %
Fri
22 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰফুল্লিত আন্তৰ্জাতিক সাহিত্য উৎসৱ ২০২৪

● ডিব্ৰুগড় বিশ্ববিদ্যালয় ডিব্ৰুগড় চহৰৰ হৃদপিণ্ড সদায় আগন্তুক প্ৰজন্মৰ বাবে উন্নত ভৱিষ্যতৰ এক অনুকল্প হৈ আহিছে। ডিব্ৰুগড়...

বটিয়ামাৰীত ব্ৰহ্মপুত্ৰত অচিনাক্ত মৃতদেহ Video

  বিহালীৰ বটিয়ামাৰীত ব্ৰহ্মপুত্ৰত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ। দিনৰ ভাগত স্থানীয় ৰাইজে নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাছতে...

আবাহান থিয়েটাৰত মাৰপিট

দেওমৰনৈ শিয়লা বৈষ্ণৱ সত্ৰৰ মনিকুট নিৰ্মাণ সাহায্যৰৰ্থে আমন্ত্ৰণ কৰি আনিছিল আবাহান থিয়েটাৰ। আজি সেই থিয়েটাৰ চলি...