24.4 C
Guwahati

আজি শেষ হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ

- Advertisement -

■ ৰঙাপৰা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলে নির্বাচনী প্ৰচাৰেৰে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ অন্তিম চেষ্টা
● ৰঙাপৰাঃ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ আৰু ক্ষন্তেক সময়ৰ পিছত অন্ত পৰিব। অসমৰ ৪৭ টা সমষ্টিত হ’ব লগা এই নিৰ্বাচনী প্ৰচাৰত নামি পৰিল নিজৰ নিজৰ দলৰ মনোনীত প্ৰাৰ্থী সকল। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা ৭৪ নং ৰঙাপৰা বিধান সভা সমষ্টিত বিজেপি দল আৰু কংগ্ৰেছ দলে নির্বাচনী প্ৰচাৰেৰে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ অন্তিম চেষ্টা কৰা পৰিলক্ষিত হয়।

প্ৰথম পৰ্য্যায় নিৰ্বাচনৰ আজি অন্তিম দিনটোত বিজেপি প্ৰাৰ্থী কৃষ্ণকমল তাঁতীয়ে সমৰ্থকক লগত লৈ সমগ্ৰ ৰঙাপৰা নগৰত এক বিশাল পদযাত্ৰা কৰে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কৃষ্ণ কমল তাতীঁয়ে জানিবলৈ দিয়ে যে, জনতাৰ উল্লাস চাই আজি এনেকুৱা লাগিছে যে কংগ্ৰেছ একেবাৰে উৎখাত হৈ যাব আৰু ৰঙাপৰা সমষ্টিত বিজেপিৰ বিজয় নিশ্চিত।

লগতে কয় যে মই এজন বিধায়কতকৈ এজন ভাল প্ৰতিনিধি হ’ব বিচাৰো।
আনফালে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী অভিজিৎ হাজৰিকাও সমষ্টিটোৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি তীব্ৰ প্ৰচাৰ চলাই। কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকৰ লগত মত বিনিময়ত কয় যে মোতকৈ ৰাইজেহে মোৰহৈ বেছি প্ৰচাৰ চলাইছে গতিকে প্ৰমাণ হৈছে যে এইবাৰ ৰাইজে কংগ্ৰেছ দলক ৰঙাপৰা সমষ্টিত বিচাৰিছে আৰু জিকাবই।

প্ৰাৰ্থী গৰাকীয়ে কয় যে, বিজেপি দলে ৰাইজক দিয়া মিছা প্ৰতিশ্ৰুতিবোৰৰ উচিত প্রত্যুত্তৰ দিবলৈ ৰঙাপৰাৰ ৰাইজ ৰৈ আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

এগৰাকী ছাত্ৰৰ বিজ্ঞান সন্মত যাদু প্ৰদৰ্শনেৰে অন্ধবিশ্বাস দূৰ কৰাৰ...

♦নলবাৰী জিলাৰ বৰভাগৰ ৰাইমাধা গাঁৱৰ চৈয়দ খবিৰুদ্দিন আহমেদ আৰু চৈয়দা বিউটি চিদ্দিকাৰ সুযোগ্য সন্তান অতি কম বয়সীয়া...

বিহপুৰীয়া সমষ্টিত যুৱক-যুৱতী সকলৰ মাজত কৰ্মময় আন্দোলন গঢ়ি তোলা...

■ বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞায়ে শনিবাৰে আবেলি ভোলাবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত উদয়পুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত...

সম্পৰ্ক, সম্বন্ধ নে আন্তৰিকতাহীন অভ্যাস! ✒️ দীপামণি হাজৰিকা বৰুৱা

অলপদিনৰ আগতে জুনিয়ৰ কলেজ এখনৰ বছেৰেকীয়া খেলধেমালিত বিচাৰক হিচাপে আমন্ত্ৰণ পাইছিলো। দৰা কইনাৰ প্ৰতিযোগিতা।দৰা, কইনা সকলোৱে নিজৰ...