19 C
Guwahati

গোটানগৰ ৰাস মহোৎসৱৰ সামৰণি; অংকীয়া ভাওনা কেলিগোপাল নাট মঞ্চস্থ

- Advertisement -

মালিগাঁওঃ গুৱাহাটীৰ মালিগাঁও ৰেলনগৰী হিচাপে পৰিচিত ঐতিহাসিক শ্ৰীমন্ত শংকৰদেৱ গোটানগৰ সত্ৰ প্ৰাংগনত ১৫ নবেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অষ্টাদশ ৰাস মহোৎসৱৰ আজি নিশা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰে। আনহাতে ৰাস মহোৎসৱৰ আজি সামৰণিৰ দিনা নিশালৈ জনসমুদ্ৰত পৰিণত হৈছে ৰাসথলী। হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম আৰু বহু বিশিষ্ট লোকৰ আগমণে স্বাভাবিকতে উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে মহোৎসৱথলীত।

১৭ নৱেম্বৰত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ৰাস মহোৎসৱথলীত উপস্থিত হৈ ৰাস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা দাঙি ধৰি কয় ৰাসৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণই আত্মাৰ লগত পৰমাত্মাৰ মিলন তথা সংযোগ ঘটাবলৈ সক্ষম হৈছে।

আনহাতে ১৮ নৱেম্বৰৰ দিনা নিশা ৰাসথলীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাত কেলিগোপাল নামৰ নাটখন মঞ্চস্থ কৰা হয়। আনকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, প্ৰাক্তন সাংসদ কুইন ওজা, অসম খনি উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা ৰাস মহোৎসৱ উদযাপন কমিটিৰ মুখ্য সম্পাদক অশোক কুমাৰ ভৰালী, সাংস্কৃতিক কৰ্মী, পৰিচালক বিপুল ভৰালীকে ধৰি বহু বিশিষ্ট লোক আৰু প্ৰায় দুই হাজাৰৰো অধিক লোকে কেলিগোপাল নাটখন দৰ্শক হিচাপে উপভোগ কৰে।

আনহাতে আজি সামৰণিৰ দিনা সন্ধিয়া ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা সমূহ বিতৰণ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বঁটা সমূহ বিতৰণ কৰে ৰাস মহোৎসৱ উদযাপন কমিটিৰ সভাপতি বলেন ঠাকুৰীয়া, কাৰ্যকৰী সভাপতি হেমন্ত কুমাৰ দাস, মূখ্য সম্পাদক অশোক কুমাৰ ভৰালী, সম্পাদকত্ৰয় দ্বিজেন দাস, যুগল ভৰালী আৰু পংকজজ্যোতি দাসকে ধৰি কেবাজনো কৰ্মকৰ্তাই। আনহাতে নিশা অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত কংকণা ভাগৱতী, ৰাজীৱ ৰৌছনকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত পৰিৱেশন কৰি উপস্থিত তিনি হাজাৰ লোকক আপ্লুত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল দেৱাশিষ বৰ্মনৰ লগতে দালাল নয়ন...

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে হোৱা দুটা পৃথক সংঘৰ্ষত ৪ সন্ত্ৰাসবাদী...

■ জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত কালি দক্ষিণ কাশ্মীৰত দুটা পৃথক সংঘৰ্ষত ৪টা সন্ত্ৰাসবাদীৰ ভিতৰত এটা লস্কৰ-ই-তইবা (এল...

CalRecycle Grants $11 Million To Food Recovery Efforts As...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...