32.2 C
Guwahati

নলবাৰীত অসম জাতীয় পৰিষদৰ বৃহৎ বাইক ৰেলী

- Advertisement -

♦ফইজুল হক চৌধুৰী, নলবাৰীঃ
৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী নগেন ডেকাৰ সমৰ্থত দেওবাৰে এক বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ এক বৃহৎ বাইক ৰেলী কাৰ্যসুচী হাতত লয়।

৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁৱে- ভূঞে, সমগ্ৰ সমষ্টিৰ অঞ্চলে-অঞ্চলে বাইক ৰেলী কাৰ্যসুচী হাতত লৈ জনসাধাৰণক সজাগ কৰে।

সমৰ্থকসকলে ভোটদাতা ৰাইজক সজাগ-সচেতন হৈ নলবাৰী জিলাৰ উন্নয়নৰ বাবে আৰু জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰোধীতাৰে, নলবাৰীৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক জাহাজৰ ছবিত অৰ্থাৎ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী নগেন ডেকাক ভোটদান কৰিবলৈ আহ্বান জনায়।

উক্ত ৰেলীত নগেন ডেকাৰ লগতে সমৰ্থক সকলে বাইক ৰেলী কাৰ্যসুচীৰ জৰিয়তে ভিন্ন শ্ল’গান দি নলবৰীয়া ৰাইজক নগেন ডেকাক জয়ী কৰিবলৈ আহ্বান জনায়।

‘নলবাৰীৰ ৰাইজ মোৰ লগত আছেআৰু এইবাৰ নলবাৰীত অসম জাতীয় পৰিষদ জয়ী হ’ব আৰু নলবাৰীৰ ৰাইজে সাম্প্ৰদায়িক বিজেপিৰ মিছা প্ৰতিশ্ৰুতিত ভোল নাজায়’ বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী নগেন ডেকাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

পশ্চিম অৰুণাচল প্ৰদেশৰ ভাৰত-তিব্বত-চীন সীমান্তত মুখ্যমন্ত্ৰী পেমা খাণ্ডু :

    পশ্চিম অৰুণাচল প্ৰদেশৰ ভাৰত-তিব্বত-চীন সীমান্তত মুখ্যমন্ত্ৰী পেমা খাণ্ডু :   তেজপুৰ,২৫ অক্টোবৰ: সীমান্তত এতিয়া এক স্পৰ্শ কাতৰ আৰু চেপা...

বিহালী বাঘমৰা মণ্ডলৰ কমিটি  কাৰ্যনিৰ্বাহক সম্পন্ন ::

বৃস্হপতিবাৰে বিহালী সমষ্টিৰ ৰতোৱা  ৰঙ্গমঞ্চত বাঘমৰা মণ্ডলৰ  সভাপতি দধিৰাম শৰ্মা সভাপতিত্ব অনুষ্ঠিত হোৱা মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাখনত অংশগ্ৰহণ কৰে...

ৰঙাপৰাত দিৱা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা : চুড়ান্ত খেলত...

◆ ৰঙাপৰা• ৰঙাপৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰঙাপৰা এন.এফ ৰে'লৱে মজদূৰ ইউনিয়নৰ সহযোগত ৰঙাপৰা ৰে'লৱে খেল পথাৰত...