24.4 C
Guwahati

কৃষ্ণাইৰ দুৰ্গাবাড়ীত একে পৰিয়ালৰ তিনি সদস্যৰ দেহত ধৰা পৰিল কৰ’না পজিটিভঃৰাইজৰ মাজত আতংক

- Advertisement -

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰাত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ জিলাখনত ইতিমধ্যে কৰ’না পজিটিভ ৰোগীৰ সংখ্যাই ৩০০ ঘৰ অতিক্ৰম কৰাৰ সময়তে আজি জিলাখনৰ কৃষ্ণাইত একেটা পৰিয়ালতে চিনাক্ত হৈছে তিনি কৰ’না পজিটিভ ৰোগী৷ স্বাস্থ্য বিভাগৰ এক সূত্ৰই আজি সন্ধিয়া জানিবলৈ দিয়া অনুসৰি কৃষ্ণাই চহৰৰ দুৰ্জাবাড়ীৰ একেটা পৰিয়ালতে তিনি গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কৰ’নাত৷ আক্ৰান্ত লোক কেই গৰাকী হৈছে তপু সাহা (৫৫), তেওঁৰ ঘৈণীয়েক শিবাণী সাহা(৪২) আৰু পুত্ৰ তন্ময় সাহা (১৬) ৷ ইয়াৰে তপু সাহাৰ অৱস্থা সম্প্ৰতি সংকট জনক৷ তেওঁক ইতিমধ্যে আমিনগাঁৱৰ জিএনআৰচিলৈ প্ৰেৰণ কৰা হৈছে৷ জানিব পৰা মতে, তপু সাহাই পৰিয়াল সহ গৈছিল পশ্চিমবংগলৈ৷ তাৰ পৰা আহিয়ে তেওঁ অসুস্থ হৈ পৰে আৰু আজি গোৱালপাৰা চহৰত স্বাস্থ্য পৰীক্ষা কৰোৱাত তেওঁৰ লগতে ঘৈণীয়েক আৰু পুতেকৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে৷ ইফালে কৃষ্ণাই বজাৰৰ মাজ মজিয়াত এনেদৰে এটা পৰিয়াল কৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰিয়ে সমগ্ৰ কৃষ্ণাই অঞ্চলতে আতংকৰ সৃষ্টি কৰিছে৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

অৰুণাচল প্ৰদেশত ১০৮ এম্বুলেন্স সেৱা মুকলি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

অৰুণাচল প্ৰদেশত আৰম্ভ হ'ল ১০৮ এম্বুলেন্সৰ জৰুৰীকালীন সেৱা । মঙলবাৰে এম্বুলেন্স সেৱা মুকলি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। উল্লেখযোগ্য...

ATM-Jackpot: পুৰণি এটিএম মেচিন ক্ৰয় কৰি লাখপতি হ’ল ৩...

■ কৌন বনেগা কৌড়ৰপতি আপুনি চাইছে নিশ্চয়! ঠিক তেনে এক ঘটনা ঘটিল ৩ গৰাকী বন্ধুৰ মাজত। হঠাৎ...

Breast Cancer: ৫০ শতাংশ মধ্যবয়স্ক মহিলা স্তনৰ কৰ্কট ৰোগত...

♥ ভাৰতত মধ্যমবয়সীয়া মহিলাৰ স্তন কৰ্কট ৰোগৰ সংখ্যা যোৱা তিনি বছৰধৰি অধ্যতিক বৃদ্ধি পাই আহিছে। ইন্দ্ৰপ্ৰস্থ এপোলো...