22 C
Guwahati

টিহুত পুনৰ ১৯ গৰাকী লোক কৰোনাত আক্ৰান্তঃ আক্ৰান্তৰ সংখ্যা ১৬৯ গৰাকীলৈ বৃদ্ধি

- Advertisement -

♦টিহুঃ টিহু মহকুমাত ৮ মে’ত পুনৰ ১৯ গৰাকী লোকৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি পোৱা হৈছে। ইয়াৰে টিহু নগৰৰ ১ নম্বৰ ৱাৰ্ড, জলখানা, কঁঠালমূৰা, হাৰিভাঙা, মাখিবাহাৰ চৌধুৰীপাৰা, মথুৰাপুৰ, টিহু, বৰপিত, পাকা, কৰ্দৈতলাৰ একোগৰাকী লোকৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি পোৱাৰ বিপৰীতে টিহু অগ্নিনিৰ্বাপক কাৰ্যালয়, গোৱৰাদল, যমুনাট্টাৰীত দুগৰাকীকৈ আৰু নিজখানাত তিনিগৰাকীৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি পোৱা বুলি টিহু এফ আৰ ইউ চিকিৎসালয়ৰ ক’ৰ’নাৰ ব্যৱস্থাপনা বিভাগৰ দায়িত্ববাহী পুলকেশ দাসে জনাইছে । ইয়াৰে ১৭ গৰাকীক মাখিবাহাত থকা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অন্যসকলক ঘৰত নিজাববীয়াকৈ আছুতীয়াভাৱে থকাৰ ব্যৱস্থা কৰোৱা হৈছে । ইয়াকে লৈ টিহু মহকুমাত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৬৯ গৰাকীলৈ বৃদ্ধি পালে । ইপিনে ক’ৰ’নাত আক্ৰান্ত এক নম্বৰ নাথকুছিৰ নৰেশ্বৰ কলিতাই ঘৰত নিজাববীয়াকৈ আছুতীয়াভাৱে থাকোঁতে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আজি বিভাগীয় কৰ্তৃপক্ষই নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে, নলবাৰী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰে ৮ মে’ত হঠাতে মাথিবাহাস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনত চলি থকা ক’ৰ’না চিকিৎসা ব্যৱস্থাৰ বুজ লয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
23.7 ° C
23.7 °
23.7 °
55 %
2.9kmh
75 %
Thu
24 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

Mode of transport - Transport

আজি ৭২তম বন মহোৎসৱঃ কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়...

♦আজি ৭২ তম বন মহোৎসৱ৷ অন্যান্য বছৰৰ আজিৰ দিনটোত সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে বন মহোৎসৱ উদযাপিত হয়...

The Best Street Style From Tbilisi Fashion Week Fall...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

কণমানি অৰিয়ন কুমাৰ বৰঠাকুৰ প্ৰতিভাত মুগ্ধ জনতা :

  সৰুৰে পৰা অৰিয়নৰ ঘৰ খনৰ লগতে অৰিয়নো শৈক্ষিক,সাংস্কৃতিক,সাহিত্য আৰু নানা বিষয়ত পাৰ্গত। কণমাণি অৰিয়ন দেৰগাঁও শিশু ভাৰতী ইংলীজ...