19 C
Guwahati

গোৱালপাৰাত সক্ৰিয় নকল টকাৰ ব্যৱসায়ী চক্ৰঃ আগিয়া আৰক্ষীয়ে জব্দ কৰিলে ১ লাখ ২০ হেজাৰ নকল টকাৰ নোটঃ ধৃত এজন

- Advertisement -

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ মাজতে গোৱালপাৰা জিলাত পুণঃ সক্ৰিয় হৈৈ উঠিছে নকল টকাৰ ৰমৰমীয়া ব্যৱসায়৷ জিলা খনৰ আগিয়াত ১ লাখ ২০ হেজাৰ টকাৰ নোট সহ এজন যুৱকক আটক কৰাৰ পিছতেই এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ ৰাইজৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ত্ব কৰা যুৱক জনৰ নাম সঞ্জীৱ মাৰাক৷ বয়স ৩৮ বছৰ৷ ধৃত সঞ্জীৱৰ ঘৰ
আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত  বলবলাৰ ফফংগা দ্বিতীয় খণ্ডত৷ 

জানিব পৰা মতে, ধৃত সঞ্জীৱ মাৰাকে কালি বিয়লি অন্য এজন সংগী সহ মটৰ চাইকেলেৰে আহি উপস্থিত হয় আগিয়াৰ বালিজানা বজাৰত৷ ইফালে যুৱক দুজনৰ চাল চলনত সন্দেহ উপজে স্থানীয় ৰাইজৰ৷ ৰাইজে লগে লগে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ৰাইজৰ সহযোগত 
সঞ্জীৱ মাৰাকক আটক কৰিবলৈ সক্ষম হয় যদিও আন জন লোক মটৰ চাইকেলসহ ঘটনাস্থলীৰ পৰা পলাই সাৰে৷ আৰক্ষীয়ে জনোৱা অনুসৰি, জব্দ কৰা নকল টকা খিনিৰ মাজত ৪৫ হেজাৰ টকাৰ ১০০ টকীয়া নোট আৰু  ৭৫ হাজাৰ টকাৰ ২০০ টকীয়া নোটসহ মুঠ ১লাখ ২০ হেজাৰ টকাৰ জাল নোট পোৱা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

অন্বেষ গোষ্ঠীৰ মাহিলি বৈঠক আৰু ভাষা গৌৰৱ সপ্তাহ পালন

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্রান্তৰ সাহিত্য আৰু সংস্কৃতিমুলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ ৮৯ সংখ্যক মাহিলী বৈঠক আৰু "ভাষা গৌৰৱ...

Sherlyn Chopra raises the temperature in these rainy days

Sherlyn Chopra raises the temperature in these rainy days Too hot to handle right We absolutely agree!!...

শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতেই মহিলাক যৌন নিৰ্যাতনৰ অপচেষ্টে

শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ শিৱসাগৰ জিলাৰ চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত বা-কচু পাইপ লাইনৰ সমীপৰ কটকী...