19 C
Guwahati

গ্ৰাম্য আৰু ভিতৰুৱা অঞ্চলসমূহত কোভিড ৰোধৰ ক্ষেত্ৰত অভিযান তীব্ৰতৰ কৰি তুলিব বিশ্বনাথ প্ৰশাসনে

- Advertisement -

● বিশ্বনাথ চাৰিআলিঃ “সজাগতা আৰু নিবাৰণেই কোভিড ৰোধৰ একমাত্ৰ উপায় আৰু বৰ্তমান পৰিস্থিতিত ইয়াৰ ওপৰতে গুৰুত্ব আৰোপ কৰিব লাগিব”- এই মন্তব্য বিশ্বনাথ জিলাৰ কোভিড- ভাৰপ্ৰাপ্ত মন্ত্ৰী শ্ৰীযুত অশোক সিংঘালৰ। মন্ত্ৰী গৰাকীয়ে আজি বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত আয়োজিত কোভিড সম্পৰ্কীয় এক উচ্চস্তৰীয় পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।

গ্ৰাম্য আৰু ভিতৰুৱা অঞ্চলসমূহত কোভিড ৰোধৰ ক্ষেত্ৰত অভিযান তীব্ৰতৰ কৰি তুলিব বিশ্বনাথ প্ৰশাসনে- পৰ্যালোচনা বৈঠকত সিদ্ধান্ত

মন্ত্ৰী গৰাকীয়ে মতপোষণ কৰে যে, কোভিড মহামাৰী সম্পৰ্কে ৰাইজক সজাগ কৰাটো প্ৰশাসনৰ আৰু সমাজৰ এক প্ৰধান দায়িত্ব। তেখেতে পঞ্চায়ত স্তৰত সামাজিক সংগঠন, আত্মসহায়ক গোট, নামঘৰ আদিক জড়িত কৰি একোটাকৈ টাস্ক-ফৰ্চ গঠন কৰি জনসাধাৰণৰক সজাগ কৰাৰ লগতে মহামাৰী ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। তেওঁ কয় যে গাওঁ বুঢ়া আৰু পঞ্চায়ত সদস্য সকলৰো এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব লগীয়া আছে।

মন্ত্ৰী গৰাকীয়ে বাহিৰৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত কোভিড পৰীক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে আৰু কোভিড আক্ৰান্ত সকলক পৃথককৈ ৰাখিবৰ বাবে কোভিড কেন্দ্ৰ মুকলি কৰাৰ পৰামৰ্শ দিয়ে।

মন্ত্ৰী সিংঘালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ সৈতে নিয়মীয়া বৈঠক অনুষ্ঠিত কৰিবব বাবেও নিৰ্দেশ দিয়ে যাতে কোভিড ৰোধক ব্যৱস্থা সমূহ তীব্ৰ কৰি তুলিব পৰা যায় । কোভিড আক্ৰান্ত অঞ্চলৰ অৰ্থনৈতিক ভাৱে দুৰ্বল লোক সকলৰ বাবে সাহাৰ্য অভিযান আৰম্ভ কৰিবলৈয়ো মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। পাঁচ শতাংশতকৈ বেছি লোক আক্ৰান্ত হোৱা চাহ বাগিচা সমূহ পোন্ধৰ দিনৰ বাবে বন্ধ ৰখাৰো পোষকতা কৰে।

আনহাতে সৰ্বসাধাৰণ ৰাইজ যাতে ভীতিগ্ৰস্ত নহয় তাৰ বাবে ধনাত্মক প্ৰচাৰৰ ওপৰতো মন্ত্ৰী গৰাকীয়ে গুৰুত্ব দিয়ে। বৈঠকৰ আৰম্ভণিতে বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই কোভিড ৰোধৰ ক্ষেত্ৰত প্ৰশাসনে হাতত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে মন্ত্ৰী গৰাকীক অৱগত কৰে। উপায়ুক্ত গৰাকীয়ে লগতে কয় যে, জিলাখনত কোভিড পৰীক্ষা আৰু ৰোগৰ পৃথকীকৰণৰ ওপৰত প্ৰধানকৈ গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰী গৰাকীৰ আগত এক ‘’পাৱাৰ পইন্ট’’ প্ৰদৰ্শনৰ যোগেদি বিশ্বনাথ জিলাৰ স্বাস্থ্য খণ্ডৰ বৰ্তমানৰ ৰূপৰেখাও দাঙি ধৰা হয়।

সভাত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীযুত ৰাজেন সিং, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত স্বৰ্গীয়াৰী, গহপুৰৰ মহকুমাধিপতি, বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত সকল, স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

Black Tape Project – Miami Swim Week | Art...

নীলা খামৰ চিঠি💞

♥ মৰমৰ বুকুত শুই থকা নৈ খনি          ফাগুন বনত যদি শিমলু জোপা গাভৰু নহ'লহেঁতেন, তেন্তে পলাশৰ ৰঙাৰে ৰঙা হোৱাৰ...

মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা আহত দুই :

  নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ থানাৰ অন্তৰ্গত বৰতলাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা মতে...