19 C
Guwahati

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

- Advertisement -

মানৱজাতিৰ ভৱিষ্যৎ মংগলৰ বাবে গছপুলি ৰোপণৰ বিকল্প নাই ★

■ নলবাৰী : মানৱজাতিৰ ভৱিষ্যৎ মংগলৰ বাবে গছপুলি ৰোপণৰ বিকল্প নাই । বায়ু প্ৰদূষণ ৰোধ কৰি সকলোৰে বাসোপযোগী সুন্দৰ সেউজীয়া ধৰণী এখন গঢ়িবলৈ সকলোৱে এই বিষয়টোত গুৰুত্ব দিবই লাগিব । কাৰণ মানুহ জন্মৰপৰা মৃত্যুলৈ আনকি মৃত্যুৰ পাছতো গছৰ ওপৰত নিৰ্ভৰশীল । ৫ জুনত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলা সভাৰ কাৰ্যালয়ত আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই এনেদৰে কয় । ভাষণ প্ৰসংগত তেওঁ গছপুলি ৰোপণ কৰিলেই নহ’ব, গছপুলিৰপৰা ডাঙৰ গছ হোৱালৈ ভালদৰে লালন পালনো কৰিব লাগিব; নহ’লে সেয়া সাময়িক শান্তিৰ বাবেহে কৰা হ’ব বুলিও দোহাৰে । জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱন চৌহদত এই দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, কোষাধ্যক্ষ প্ৰমোদ চন্দ্ৰ ডেকা, সাংগঠনিক সম্পাদক জয় চন্দ্ৰ শৰ্মা আৰু সাহিত্যসেৱী নৱদীপ বৰকটকীয়েও গছপুলি ৰোপণ কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা এই অনুষ্ঠানত প্ৰকৃতি সংৰক্ষণৰ বাবে বিশেষভাৱে আত্মনিয়োগ কৰা প্ৰকৃতিপ্ৰাণ তথা ‘সৃষ্টি’ নামৰ প্ৰকৃতি আৰু পৰিৱেশৰ হকে কাম কৰি অহা নলবাৰীৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটিৰ মুৰব্বী সোণমণি মেধিক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলা সাহিত্য সভাৰ তৰফৰপৰা সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

Manayavar&Mohey- Showroom মুকলি অভিনেত্ৰী নিকিতা গোস্বামী 

  Manayavar&Mohey- Showroom মুকলি অভিনেত্ৰী নিকিতা গোস্বামী : শনিবাৰে গুৱাহাটীৰ মহানগৰ আদাবাৰীত Manyavar & Mohey -এটা Showroom মুকলি কৰা হৈছে...

আন্তঃৰাষ্ট্ৰীয় মহিলা কাব্য মঞ্চৰ বহুভাষিক কবি সন্মিলন সম্পন্ন 

■ নলবাৰী : আন্তঃৰাষ্ট্ৰীয় মহিলা কাব্য মঞ্চৰ নলবাৰী শাখা সমিতিৰ উদ্যোগত সন্ধিয়া বহুভাষিক কবি সন্মিলন এখন সম্পন্ন...

গুগল ফটো (Google Photo) এপ্লিকেচনত নতুন সুবিধা, এতিয়াই ইনষ্টল...

● গুগল প্ৰডাক্টৰ বহুকেইটা এপ্লিকেচন ভিতৰত অন্যতম এটা এপ্লিকেচন গুগল ফটো। যি ব্যৱহাৰকৰী এজনৰ Gmail একাউণ্ট সৈতে...