24 C
Guwahati

শিৱসাগৰত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

- Advertisement -

■ শিৱসাগৰ জিলাৰ নাম-তি মিছাজান ৰজাবাৰী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা চিনাকি নাম “বাঘ”।

উক্ত অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ যোৱা নিশা পিঞ্জৰাবদ্ধ হয়।

অঞ্চলটোত দীৰ্ঘদিনে সন্ত্ৰাসৰ চলোৱা নাহৰফুটুকী বাঘে ক্ৰমাগত ভাবে ঘৰচীয়া জীৱ -জন্তু নিধন কৰি আহিছিল।
সীমান্ত ফুকনৰ বাগানতেই যোৱা ১০ জুনত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ লগতে এতিয়া লৈকে চাৰিটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰাৰ পিছতো বাঘৰ সন্ত্ৰাস হ্ৰাস পোৱা নাই ৰজাবাৰী অঞ্চলত।

শেহতীয়াকৈ স্থানীয় ৰাইজে অঞ্চলটোৰ ৰজাবাৰী সত্ৰৰ সমীপৰ সীমান্ত ফুকনৰ চাহ বাগানত বন বিভাগৰ সহযোগত স্থাপন কৰা পিঞ্জৰাত যোৱা নিশা প্ৰায় ৮ বজাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।

উক্ত অঞ্চলত বৰ্তমানেও আৰু কেইবাটাও বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। লগতে বন বিভাগক অঞ্চলটোত থকা বাঘ কেইটা অতি সোনকালে পিঞ্জৰাবদ্ধ কৰি ৰাইজক সকাহ দিবলৈ অনুৰোধ জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

অসমত কোৱিডৰ সংক্ৰমণৰ হাৰ ০.৯৮ শতাংশ

♦ অসমত কোৱিডৰ পৰা সংক্ৰমণৰ হাৰ ০.৯৮ শতাংশ হৈছে। ৰাজ্যখনত কালি ৩০,০০৮ টা নমুনা পৰীক্ষাৰ অন্তত ২৯৪...

কাতি বিহুৰ আনন্দ-উল্লাসৰ মাজতে নাৰায়ণপুৰত অঘটন, জুইত ভস্মীভূত এটা...

■ নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড। ■ বিতু দুৱৰাৰ বাসগৃহত সংঘটিত অগ্নিকাণ্ড৷ ■ অগ্নি নিৰ্বাপকৰ দল...

অসম ডনব’স্ক’ বিশ্ববিদ্যালয় আৰু কিৰণ একাডেমী,ধেমাজিৰ উদ্যোগত অনলাইন কেৰিয়াৰ...

♦অসমৰ প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয় ‘অসম ডনব’স্ক’ বিশ্ববিদ্যালয়’ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগ (https://www.dbuniversity.ac.in/Mechanical-Engineering.php) আৰু ধেমাজিৰ কিৰণ একাডেমী(http://www.kiranacademydmj.in)ৰ উদ্যোগত এখন...