23 C
Guwahati

বৰকলিয়াঝাৰ প্ৰাথমিক বিদ্যালয়ৰ সমস্যা সমাধানৰ দাবী আছুৰ

- Advertisement -

♦ নিজা বাতৰিঃ ১৮৪০ চনতে স্থাপন হৈছিল বৰকলিয়াঝাৰ প্ৰাথমিক বিদ্যালয়ৰ। শতবৰ্ষ গৰকা বিদ্যালয় খনত টিনপাত সমূহ ২০১৭ চনতে বতাহে উৰুৱাই নিছিল কিন্তু আজি পৰ্যন্ত প্ৰায় ৪ বছৰ হৈ গ’ল যদিও ইয়াক পুনৰ লগোৱা নহ’ল। স্থানীয় ৰাইজ, বিদ্যালয় পৰিচালনা সমিতি তথা বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে বহু বাৰ চক্ৰ বিষয়া, বিদ্যালয় পৰিদৰ্শক তথা তেতিয়াৰ বিধায়ক বিনন্দ্ৰ শইকীয়াক আবেদন জনাই আহিছে যদিও বিদ্যালয় খনৰ সমস্যাৰ প্ৰতি কতৃপক্ষই কোনো ব্যৱস্থা লোৱা নাই।

যাৰ ফলত বিদ্যালয় খনৰ অৰ্ধশতাধিক কণ কণ ছাত্র-ছাত্ৰী বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। আজি পাথৰিঘাট আঞ্চলিক ছাত্র সন্থাৰ প্ৰতিনিধি হিচাপে দৰং জিলা ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ছাজিছ আলম, পাথৰিঘাট আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ ডেকা, মুখ্য সাংগঠনিক সম্পাদক আজাৰুল ইছলামে বিদ্যালয় খন পৰিদৰ্শন কৰে। সমস্যাটো সমাধান নোহোৱাৰ বাবে ছাত্র সন্থাৰ লগতে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্ৰী আয়কন বেগমেও আক্ষেপ প্ৰকাশ কৰে।

তেতিয়াৰ শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগু আৰু স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশী তথা কৰ্তৃপক্ষক অনতিপলমে বিদ্যালয় খনৰ সমস্যা সমাধান কৰিবলৈ দাবী জনাই। অন্যথা পাথৰিঘাট আছুই স্থানীয় ৰাইজৰ সহযোগত আন্দোলনত নামিবলৈ বাধ্য হ’ব বুলি কয় পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ডেকাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা...

  সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস নলবাৰীত উদযাপন ডাঃ ভুগীচৰণ কলিতা সোঁৱৰণি বক্তৃতা অনুষ্ঠান...

সহবাসৰ আকাংক্ষা হ্ৰাস পাইছে! কাৰণ আৰু প্ৰতিকাৰ কি?

♠ অন্যান্য কাম বা অধ্যয়ন কৰিবলৈ ৰাতি সাৰ পোৱাৰ অভ্যাস! ৰাতি ৩-৪ বজালৈকে আপুনি শুব নিবিচাৰে! তেতিয়া...

দীপৰ বিলৰ মাছ সংৰক্ষণৰ বাবে দীপৰ বিল পাছপাৰা সমবায়...

আজাৰাঃ গুৱাহাটীৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দীপৰ বিলৰ আন এটা সুনাম আছে। সেই...