19 C
Guwahati

হাইদ্ৰবাদৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান মহাত্মা গান্ধী নেছনেল কাউঞ্চিল অফ ৰোৰাল এডুকেছনৰ ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মহাবিদ্যালয় খনক সম্বৰ্ধনা

- Advertisement -

♦হায়দৰাবাদৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান মহাত্মা গান্ধী নেছনেল কাউঞ্চিল অফ ৰোৰাল এডুকেছনে ক’ভিড মহামাৰী প্ৰতিৰোধ কৰিবলৈ লোৱা ব্যৱস্থাপনাত উল্লেখযোগ্য অৱদানৰ বাবে ৰঙাপৰা মহাবিদ্যালয় আৰু মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা, মহাবিদ্যালয় খনৰ প্রবক্তা অশ্বিনী কুমাৰ ডেকা তথা মহাবিদ্যালয়ৰ ৫ গৰাকী ছাত্র ক্ৰমে সুভংকৰ দে, ৰাহুল শাহা, জিন্টু ৰাম বড়ো, ছাৰিকা নাগ আৰু মালা সৰকাৰক মানপ্রত্ৰৰে সম্বৰ্ধনা জনায়।

উল্লেখযোগ্যযে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন কলিতাৰ নেতৃত্বত মহাবিদ্যালয়ৰ ৫ গৰাকী ছাত্ৰই স্বেচ্ছাসেৱক ৰূপে মহাবিদ্যালয়ৰ প্ৰবক্তা অশ্বিনী কুমাৰ ডেকাৰ সহযোগত ক’ভিড মহামাৰী আক্ৰান্ত অঞ্চল তথা ৰোগীক মানসিক, চিকিৎসা আৰু মানৱীয় যি সেৱা আগবঢ়াইছে তাৰ বাবে এই সম্বৰ্ধনা আগবঢ়ায় শিক্ষা অনুষ্ঠানটোৱে। উল্লেখ্য যে, মহাত্মা গান্ধী নেছনেল কাউঞ্চিল অফ ৰোৰাল এডুকেছন ভাৰত চৰকাৰৰ এক উচ্চ শিক্ষা মন্ত্ৰনালয়ৰ এটি বিভাগ।

২০১৮ চনত ড০ ৰঞ্জন কলিতাই অধ্যক্ষ হিচাপে যোগদান কৰাৰ পিছত ৰঙাপৰা মহাবিদ্যালয়খনক শৈক্ষিক-আন্তঃগাঁ‌থনিক দিশত ব্যাপক উত্তৰণ ঘটাবলৈ সক্ষম হোৱা ড০ ৰঞ্জন কলিতাক দেশৰ এগৰাকী অন্যতম শৈক্ষিক মুৰব্বী হিচাপে প্ৰতিষ্ঠা লাভ কৰাত ৰঙাপৰাবাসী ৰাইজ আনন্দিত হৈছে। ইতিপূৰ্বে বাংগালোৰৰ শৈক্ষিক প্ৰতিস্থান Institute of Scholars ৰ পৰা ড০ ৰঞ্জন কলিতাই ‘বৰ্ষশ্ৰেষ্ঠ অধ্যক্ষ’ -২০২০ (Principal of the Year) ৰ বঁ‌টাৰ লগতে ৰাষ্ট্ৰীয় কৃতি শৈক্ষিক মুৰব্বী বঁ‌টা-২০২০ লাভ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

তামােলপুৰ, ভবানীপুৰত পদব্রজে গৃহ সম্পর্ক দিলীপ শইকীয়াৰঃ ধুমুহাৰ গতিৰে...

● গুৱাহাটীঃ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নির্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্বই ১৯ অক্টোবৰৰ...

নলবাৰী জিলা সাহিত্য সভাৰ দেশভক্তি দিৱস পালন

♠ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ২৮ জুলাইত দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক দেহাৱসান তিথি উপলক্ষে পৰম্পৰাগতভাৱে...

১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা অখিল গগৈৰ...

♦আছিফ আলি, শিৱসাগৰঃ ১০৮ নং শিৱসাগৰ সমষ্টি আগন্তুক বিধান সভা নিৰ্বাচনক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে।কা' বিৰোধী...