Modal title

Copyright © অসম খবৰ ২০২৪

Modal title

Copyright © অসম খবৰ ২০২৪

20 C
Guwahati

দুধনৈৰ চেঁচাপানী পশু চিকিৎসালয়ৰ বিধ্বস্ত অৱস্থাঃ পুণৰ্নিমান কৰিবলৈ দাবী ৰাইজৰ 

- Advertisement -

♦অসম চৰকাৰে গ্ৰাম্যঞ্চলৰ কৃষক ৰাইজৰ সুবিধাৰ্থ ৰাজ্যখনৰ বিভিন্ন স্থানত স্থাপন কৰা বহু পশু চিকিৎসালয়ৰ অৱস্থা বৰ্তমানে পুতৌলগা হৈ পৰিছে৷ উদাহৰণস্বৰপে গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা অসম-মেঘালয় সীমান্তৰ চেঁচাপানী পশু চিকিৎসালয়ৰ কথাকে ক’ব পাৰি৷ চেঁচাপানীত ১৯৮৮ চনতে চৰকাৰে স্থাপন কৰিছিল এখন পশুপালন আৰু পশু চিকিৎসালয়৷ সম্প্ৰতি চেঁচাপানীৰ উক্ত পশু চিকিৎসালয় খনৰ আবাস গৃহ সমূহ ভাঙি-ছিঙি বিধ্বস্ত ৰূপ লৈছে৷

ফলস্বৰূপে চিকিৎসালয় খনলৈ চিকিৎসক আহে যদিও কৰ্তব্য পালন কৰি ঘৰলৈ উভতি যাৱলগীয়া হৈছে৷ উল্লেখ্য যে, চেঁচাপানী পশুপালন আৰু পশু চিকিৎসালয়ৰ চৌহদত তিনিটাকৈ আৱাস গৃহ নিৰ্মাণ কৰা হৈছিল যদিও বিভাগীয় কৰ্তৃপক্ষ তথা বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ বাবে গৃহবোৰ ভাঙি ছিঙি গোহালিত পৰিণত হৈছে৷ সেয়েহে পশুধনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা বৰ্তমানৰ চৰকাৰ খনক দুধনৈৰ সীমান্তবৰ্তী পশু চিকিৎসালয় খনৰ আৱাস গৃহ সমূহ পুণৰ নিৰ্মাণ কৰি চিকিৎসালয়খনত চিকিৎসক থকাৰ ব্যৱস্থা কৰি চহা কৃষকক উপকৃত কৰিবলৈ আহ্বান জনাইছে চেঁচাপানীৰ ৰাইজে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

জটিল ৰোগত আক্ৰান্ত শিৱসাগৰ জিলাৰ এগৰাকী শিক্ষক

■ পাৰ্থ প্ৰতিম বৰুৱা, শিৱসাগৰঃ এক জটিল ৰোগত আক্ৰান্ত এজন শিক্ষক। মমবাতিৰ দৰে জ্বলি ছাত্র ছাত্ৰীক শিক্ষাৰ পোহৰ...

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টি-টুৱেণ্টি ক্ৰিকেট শৃংখলা আজিৰে...

♦ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টি-টুৱেণ্টি ক্ৰিকেট শৃংখলা আজিৰে পৰা কলকাতাত আৰম্ভ হ’ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সদ্য...

বিশ্বনাথৰ মিলনপুৰত কুড়ুঁখ সাহিত্য সভাৰ ২০তম প্ৰতিষ্ঠা দিৱস পালন

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ: বিশ্বনাথৰ মিলনপুৰ লক্ষীমন্দিৰ প্ৰাঙ্গণত আয়োজন কৰা হয় ২০তম কুড়ুঁখ সাহিত্য সভাৰ প্ৰতিষ্ঠা...