19 C
Guwahati

ঘগ্ৰাপাৰৰ-আল্লিয়াত নোনা নৈৰ বাঁহৰ দলং উটি যোৱাত যোগাযোগ বিচ্ছিন্ন

- Advertisement -

■ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়াৰ মিলন বজাৰৰ সমীপৰ নোনা নৈৰ ওপৰত থকা বাঁহৰ দলং বাঢ়নী পানীয়ে উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলৰ ৮/১০ খন গাঁৱৰ ৰাইজৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

উল্লেখ‍্য যে, আল্লিয়া-দ্বাৰকুছী সংযোগী পথছোৱাৰ ওপৰত উক্ত স্থানত নোনা নৈখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ কাম কৰিছিল এগৰাকী বহু বিতৰ্কিত ঠিকাদাৰ জৈনক বেজবৰুৱাই। কিন্তু দুখৰ বিষয যে আজি প্ৰায় চাৰিবছৰে উক্ত পকী দলংখনৰ নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ হোৱাত এখন অস্থায়ী বাঁহৰ সাঁকোৰে পথচাৰী ৰাইজে ইপাৰ-সিপাৰ হৈছিল যদিও নৈখনৰ বাঢ়নী পানীয়ে আজি বাঁহ সাঁকোখন উটুৱাই নিয়ে।

সম্প্ৰতি যাতায়ত বন্ধ হৈ পৰিছে। ইফালে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মেশ্বৰ দাস,সাধাৰণ সম্পাদক নীলোৎপল দাসৰ নেতৃত্বত এটি সজাঁটি দলে আজি আবেলি উক্ত স্থান পৰিভ্ৰমণ কৰি ক্ষোভিত হৈ পৰে।

দলটোৱে শীঘ্ৰে যাতায়ত-যোগাযোগ সুচল কৰি তুলিবলৈ প্ৰশাসন দাবী তুলিছে।ইফালে দুৰ্নীতি পৰায়ণ ঠিকাদাৰক আছুৱে নাকী লগাবলৈ চৰকাৰ তথা গড়কাপ্টানী মন্ত্ৰীকো দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

নলবাৰীত অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্না

■ সমগ্ৰ ৰাজ্য ৰ লগতে নলবাৰীতো অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা, নলবাৰী প্ৰকল্প কমিটিয়ে আই...

ৰঙিয়া মহাবিদ্যালয় প্ৰাঙ্গণত সদৌ অসম কবি মঞ্চৰ উদ্যোগত ই-আলোচনী...

■ সদৌ অসম কবি মঞ্চৰ উদ্যোগত আৰু আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ ৰঙিয়া মহাবিদ্যালয়ৰ দ্বাৰা আজি সদৌ...

বান পৰিস্থিতিঃ কেৰালাৰ ১০টা বান্ধৰ বাবে ৰেড এলাৰ্ট জাৰি;...

● কেৰালাত, ১০টা বান্ধৰ বাবে কেৰালা চৰকাৰে ৰেড এলাৰ্ট জাৰি কৰিছে। কিয়নো অৱবাহিকা অঞ্চলত কিছুদিন ধৰি ধাৰাসাৰ...